প্ৰণামো তোমাক আজি
অন্ধকাৰ কাৰাগাৰৰ পৰা
আপোনাৰ শিক্ষাৰে মুক্তি দি
চৰণত দিয়া ঠাই আচল পাৰি।
কেতিয়াবা যদি হৈ পৰো পথভ্ৰষ্ট
আপুনি দিয়ে সঠিক পথৰ সন্ধান
আপুনিয়েই আমাৰ পথ - প্ৰদৰ্শক
জ্যোতিৰ্ময় হৈ জিলিকি উঠো
আপোনাৰ কষ্ট আৰু অৱদানৰ ফলত
আপোনাৰ নিঃস্বাৰ্থ জ্ঞানৰ সুৱাসেৰে
দূৰ সীমনালৈ আগুৱাই যাওঁ
জীৱনৰ সংজ্ঞা বিচাৰি
সাহসেৰে যুঁজি যাওঁ
সঠিক পথৰ সন্ধান কৰি ।
হে জ্ঞানৰ পূজাৰী,
জীৱন নাটৰ পৰিচালক আপুনি
সাহস আৰু প্ৰেৰণাৰ চাবিকাঠি
আঁউসীৰ জোনাকৰ জোনাকী পৰুৱা
ৰংহীন জীৱনৰ ৰামধেনু আপুনি
অন্ধকাৰ পথৰ দাঁতিত ৰৈ
পোহৰ বিলোৱা জ্ঞানৰ পূজাৰী আপুনি
হে জ্ঞানৰ পূজাৰী,
প্ৰণামো তোমাক আজি।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ