সিদিনা ক্লাছত এগৰাকী শিক্ষাগুৰুৱে আত্মহত্যাৰ ওপৰত কৰা চমু আলোকপাতৰ পিছতেই মোৰ সিদ্ধান্ত, যে এইবাৰৰ সম্পাদকীয়ত অতি স্পৰ্শকাতৰ বিষয় আত্মহত্যাৰ সম্পৰ্কেই দুৱাষাৰ লিখিম।ভবামতেই কিছু পলমকৈ হ'লেও হাতত লেখনী তুলিলোঁ।
কেতিয়াবা মনত খু-দুৱনি লাগে যে শ্ৰেষ্ঠ কি! মৃত্যু নে জীৱন? জীয়াই থাকিবলৈতো সকলোৱেই বিচাৰে, তেন্তে জীৱনৰ প্ৰতি কিমান বিৰাগ জন্মিলে মানুহে নিজৰ উশাহটোক হত্যা কৰি পেলাব পাৰে! কিমানখিনি পৰাজয়ে জীৱনৰ মোহকো চেৰ পেলাব পাৰে! আত্মহত্যা কৰা মানুহবোৰ কাপুৰুষ নে সাহসী!
আত্মহত্যা...। এটা তথ্য মতে, প্রতিবছৰে বিশ্বজুৰি সাত লাখতকৈ অধিক লোকে বিভিন্ন কাৰণত আত্মহননৰ পথ বাছি লয়৷আত্মহত্যা কৰা লোকসকল ১৯ বছৰৰ পৰা ২৯ বছৰ বয়সৰ ভিতৰত সর্বাধিক। অৰ্থাৎ অধিক পৰিমাণে যুৱপ্ৰজন্ম এই আত্মহত্যা চিকাৰ হৈ আহিছে।জীৱনত ঘটি থকা সমস্যা, হতাশা, অকৃতকাৰ্যতা, বিচ্ছেদ, ঘৰুৱা কন্দল, বিত্তীয় সমস্যা, অসুস্থতা ইত্যাদিৰ ওচৰত হাৰ মানিয়ে আত্মহত্যাৰ পথ বাছি লোৱা দেখা যায়। অপমানৰ স্বীকাৰ হোৱা অথবা বৈষম্যৰ বলি হোৱা লোক, দৰিদ্ৰ খেতিয়ক,ব্যাভিচাৰী প্ৰেম, সমকামী ইত্যাদি সকলে হতাশাত ভাগি পৰি নিজৰ জীৱনক শেষ কৰি পেলোৱাৰ সিদ্ধান্ত লয়।
কিন্তু আত্মহত্যা জানো সকলো সমস্যাৰ সমাধান? ধৈৰ্যৰ বান্ধ আঁতি আঁতি বান্ধি লৈ সাহস ৰাখিবলৈ চেষ্টা কৰা জৰুৰী। সমস্যাবোৰ এদিন সমাধান হ'ব, হতাশাবোৰ আঁতৰিব কিন্তু জীৱনটো জানো ঘূৰি আহিব!সেয়ে সময়ৰ ওপৰত বিশ্বাস আৰু আস্থা ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা প্ৰয়োজন।
ৰাষ্ট্রসংঘৰ অধীনৰ বিশ্ব স্বাস্থ্য সংস্থাই আত্মহত্যা প্রতিৰোধৰ বাবে লিভ লাইভ পদ্ধতিৰ মূল ফলপ্রসূ প্রমাণভিত্তিক হস্তক্ষেপৰ পৰামর্শ আগবঢ়াইছে৷ এই সংস্থাই আত্মহত্যা প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছে। আত্মহত্যাৰ প্ৰৱণতা থকা ব্যক্তিক চিনাক্ত কৰি উপযুক্ত পৰামৰ্শ প্ৰদান কৰাৰ লগতে কিশোৰ কিশোৰী সকলৰ মাজত আৰ্থ সামাজিক দক্ষতাক উজ্জীৱিত কৰাত ভূমিকা লৈছে। আত্মহত্যাৰ প্ৰতি যাতে আসক্ত নহয় অথবা আত্মহত্যাৰ প্ৰৱণতা থকা লোকৰ মাজত সজাগতা সৃষ্টি কৰিব পাৰে তাৰ বাবে বছৰি ১০ ছেপ্টেম্বৰ তাৰিখটো আত্মহত্যা প্ৰতিৰোধ দিৱস হিচাপে পালন কৰি অহা হৈছে।
▪️ৰেবিকা নেওগ
সম্পাদক
অসমীয়া সাহিত্যৰ চানেকি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ