উৰে তাত এহালি কপৌ- ৰেণু শৰ্মা

©Admin
0
কোনোবা শিল্পীয়ে আহি ঢালি দিলে কেনভাচত এসোপা এলান্ধুকলীয়া ৰং৷
কত দিন হ'ল মানুহৰ মনবোৰ আন্ধাৰকাতি নিশাৰ দৰে৷

দুৰ্বাদল বৃষ্টিৰ বন্যাত উটি ভাঁহি গৈ গৈ পালোঁ আহি ভৰিৰ তলৰ মাটি৷
অগ্নিতপা সূৰুযৰ প্ৰখৰ ৰশ্মিত নিষ্কলুষ আত্মাৰ বিলাই

চাওঁতে চাওঁতে
বতাহৰ মৰমী ৰুমালে মচি দিলে কেনভাচৰ কেটক'লা ৰংবোৰ আলফুলকৈ ৷

আকাশ পুহৰি হ'ল
আঁচলত তাৰ নীলাভ সপোন
শুকুলা ডাৱৰৰ মাজে মাজে
নীশাচৰী চন্দ্ৰমাৰ
নৃত্যৰ লয়লাস
কোনে জানো বাটে বাটে সিঁচি থৈ গ'ল
শুভ্ৰ শেৱালিদল ৷
নিয়ৰসিক্ত দুবৰিদৰাই আঁচল পাতি শৰাই আগবঢ়ালে আথেবেথে৷
যেন শাৰদী কুঁৱৰী আহি বহিবহি তাতে৷অন্তৰ উজ্বলি উঠে আশা মোৰ সেই মধুলগনৰ
উৎসৱৰ মধুৰ মিলন৷য'ত আশংকাৰ ডাৱৰ ফালি মুক্ত আকাশত জ্বলে
নতুন দিনৰ সূৰ্য্য
উৰি থাকক তাতে শান্তিৰ এহালি কপৌ ৷

✍️ৰেণু শৰ্মা,
      ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)