গোলাঘাট জিলাৰ বৃহত্তৰ বচা অঞ্চলৰ মক্ৰঙ, ঘিলাধাৰী আৰু কাকডোঙা নদীৰ সংগমস্থলীত প্ৰৱিত্ৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ অৱস্থিত। গদাপাণি কোঁৱৰৰ (গদাধৰ সিংহ ) পলাতক দিনৰ কথা। নগা পাহাৰৰ পৰা নাতিদূৰত অৱস্থিত এই অঞ্চলত তেতিয়া এজন সন্ত সিদ্ধ পুৰুষে বাস কৰিছিল। পলৰীয়া গদাপাণিয়ে এবাৰ চাউদাঙৰ পৰা আত্মগোপন কৰিবলৈ এই সন্তপুৰুষ জনৰ আশ্ৰমখনতে আশ্ৰয় লৈছিল। পাছলৈ ৰজা হৈ গদাপাণিয়ে পলাতক অৱস্থাত আশ্ৰয় লোৱা এই আশ্ৰমখন পৰিচালনা কৰিবলৈ আঠটা পাইকৰ গোটে ইয়াতে এভাগী হৰি মন্দিৰ পাতি দায়িত্ব প্ৰদান কৰিছিল। আঠটা পাইকৰ গোটৰ আঠখন কুৰি বা খেল আছিল। সেইসমূহ হ'ল----- বচাকুৰি, ব্ৰাহ্মণ কুৰি, বৈৰাগী কুৰি, নাঙ্গল কুৰি, শলালকুৰি, কছাৰী কুৰি, বৰাহী কুৰি, কাকতি কুৰি। স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত আৰম্ভ হোৱা এই পাইক প্ৰথাৰ লোকসকল প্ৰতিখন খেলৰে সুকীয়া বৈশিষ্ট্য আছে। মানৰ আক্ৰমণৰ সময়ত আঠটা কুৰিৰ বা খেলৰ শেষৰ দুটা কুৰি -- বৰাহী কুৰি, কাকতি কুৰি নাইকিয়া কৰা হ'ল। প্ৰাৰম্ভিকতে আঠখেলৰ ৰাইজে আঠখন খেৰৰ চালি সাজি এই আঠখেৰীয়া মন্দিৰক প্ৰতিপালন কৰি ধৰ্মীয় কাৰ্য চলাই আহিছে। ধৰ্মীয় অনুষ্ঠানবোৰ নিয়াৰিকৈ কৰিবলৈ প্ৰতিখন খেলৰে একোজনকৈ বাৰিক, বাৰিকৰ ওপৰত এজন বৰবাৰিক নিয়োগ কৰা হৈছিল। সেই সময়ত এভাগী ত্ৰিশূল আৰু চন্দন কাঠৰ এভাগী ঠগা আছিল সকলোৰে ইষ্টদেৱতা সেৱাৰ্থে। লাহে লাহে সেৱতী সকলে আঠখেলীয়া হৰি মন্দিৰৰ অপাৰ মহিমাৰ উমান পাবলৈ ধৰিছিল। ১৮৭৮ শকত আহিন মাহৰ ৫ তাৰিখে পূৰ্বৰ ঠগাৰ পৰিৱৰ্তে ডাঙৰকৈ বেদী নিৰ্মাণ কৰাই পাচখলপীয়া সিংহাসন প্ৰতিষ্ঠা কৰা হ'ল। ১৯৭০ চনৰ পৰা আঠখেলীয়া হৰি মন্দিৰ ভাগ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ হিচাপে নামাকৰণ কৰা হয়।
অসমৰ আন এখন অন্যতম ধৰ্মীয় স্থান মইনাপৰীয়া নামঘৰ। যোৰহাট নগৰৰ পৰা ১৪ কিলোমিটাৰ পূৱত এই নামঘৰ অৱস্থিত। এই নামঘৰ ভাগ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কিলোমিটাৰ নিলগত মইনাপৰীয়া গাঁৱত অৱস্থিত। ভক্তি ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে অসমৰ চুকে কোণে প্ৰতিষ্ঠা কৰা নামঘৰ সমূহৰ ভিতৰত মইনাপৰীয়া নামঘৰো অন্যতম।
১৫৬২-৬৩ চনত কোঁচ ৰজা নৰনাৰায়ণে আহোম ৰাজ্যৰ বিৰুদ্ধে চলোৱা অভিযানত সেই সময়ৰ আহোমৰ স্বৰ্গদেউ চুখামফা বা খোৰাৰজা কোচ ৰজাৰ হাতত পৰাস্ত হৈ সন্ধি কৰিবলৈ বাধ্য হৈছিল। এই সন্ধিৰ ফলত ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমগ্ৰ উত্তৰ পাৰ কোঁচ সকলৰ অধীন হৈছিল। নৰনাৰায়ণৰ অভিযানৰ সামৰণিৰ পিছত উভতি যোৱা কিছুসংখ্যক সৈন্য বাহিনীৰ লোক থাকি গৈছিল। প্ৰবাদ অনুসৰি সেইসকলৰ কিছুমানে লখিমপুৰৰ নাৰায়ণপুৰত থকা মইন নামে এখন সৰু নৈৰ পাৰত ভূঞা সকলৰ সৈতে সমাজ পাতি বাস কৰিছিল। সেই ঠাইত কিছুকাল থকাৰ পিছত বিভিন্ন কাৰণত আনুমানিক সপ্তদশ শতিকাৰ শেষৰ ফালে মৰাচাল, বৰকোঁচ, নেওগ, ভলুকাগুৰিয়া আৰু কমাৰ নামে পাঁচটি পৰিয়াল ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰলৈ গুচি আহে। তেওঁলোকে বৰ্তমানৰ গাওঁখনৰ পৰা ৫ কিলোমিটাৰ নিলগৰ উত্তৰ দিশত থকা ফেহুমুকলি নামে ঠাইত থাকিবলৈ লৈছিল। পিছলৈ তেওঁলোক বৰ্তমান ঠাইলৈ আহে। ক্ৰমান্বয়ে এই পাঁচোটি পৰিয়ালৰ সৰু গাওঁখনিলৈ ঘৰগিৰি, ৰাগীয়া, বাৰিক আৰু ন-বৰা নামে চাৰিটি পৰিয়ালৰ আগমণ ঘটে। লখিমপুৰৰ মইন নৈৰ পাৰৰ পৰা উঠি অহাৰ কাৰণে কাষৰীয়া গাওঁসমূহৰ বাসিন্দাসকলে পৰিয়াল কেইটাক মইনপৰীয়া বুলি সম্বোধন কৰিছিল। পিছলৈ মইনপৰীয়া নামৰ পৰিৱৰ্তন ঘটি গাওঁখনৰ নাম মইনাপৰীয়া হয়।
মইনাপৰীয়া গাঁৱৰ এই নামঘৰটি প্ৰায় ৩০০ বছৰ পুৰণি। ইয়াৰ প্ৰধান বিশেষত্ব হৈছে ভগৱানৰ দশ অৱতাৰৰ এক অৱতাৰ নৃসিংহ প্ৰভুৰ মূৰ্তি আৰু নৃসিংহ যাত্ৰা ভাওনা। গাওঁবাসীয়ে দীক্ষা লৈ অহা শ্ৰী শ্ৰী পটিয়ৰি সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ শ্ৰী শ্ৰী লোকনাথ গোস্বামীদেৱক এবাৰ সপোনত নৃসিংহ প্ৰভুৱে মইনাপৰীয়া নামঘৰত স্থায়ীভাৱে থকাৰ ইচ্ছা প্ৰকাশ নিৰ্দেশনা দিছিল। সেই অনুসৰি নামঘৰটিত নৃসিংহ প্ৰভুৰ মূৰ্তি স্থাপন কৰা হয়। প্ৰতি বছৰে ভাদ মাহত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজ এই মইনাপৰীয়া নামঘৰলৈ আহে। ১৯২৩ চনৰ পৰা প্ৰতি বছৰে গাওঁ বাসীয়ে ভাদ মাহৰ সংক্ৰান্তিত নৃসিংহ যাত্ৰা ভাওনা অনুষ্ঠিত কৰে।
উজনি অসমৰ এই দুখন উল্লেখযোগ্য ধৰ্মীয় স্থানলৈ বহু সংখ্যক ভক্ত প্ৰাণ ৰাইজৰ আগমন ঘটে। বিভিন্ন কাৰ্যসূচীৰে নামঘৰৰ অনুষ্ঠানসমূহ পৰিচালনা কৰি আহিছে। যেনে---- জন্মাষ্টমী, শঙ্কৰদেৱ, মাধৱদেৱৰ তিৰোভাৱ তিথি ইত্যাদি।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ