কাচিঁ ফুল অৰ্থাৎ কহুৱাৰ কোঁহে কোঁহে শৰৎ আহে। শৰৎ আহে নিয়ৰত ভিজা শেৱালীৰ কোমল পাপৰিত। শৰৎ যেন পূজা পৰবৰ বতৰ, আনন্দ উৎসৱৰ বতৰ। এই সময়তে এক শুভ ক্ষণত দূৰ্গতিনাশিনী শক্তিৰ অধিস্তাত্ৰী দেৱী দূৰ্গাৰ পূজা অনুষ্ঠিত কৰা হয়। দশভূজধাৰী দূৰ্গা দেৱীৰ দহো হাতে দহপাত অস্ত্ৰ। জগতৰ আদ্যা শক্তি আই ভগৱতী অৰ্থাৎ দেৱী দূৰ্গাৰ বাহন সিংহ। সিংহাৰোহণ কৰি মহিষাসুৰ নিধনৰ বাবে দেৱী উদ্যত। দেৱী দূৰ্গাৰ সোঁকাষে ঐশ্বৰ্যৰ দেৱী লক্ষ্মী আৰু সিদ্বিদাতা গনেশ, বাঁওকাষে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰ্বশুক্লা আই সৰস্বতী আৰু দেৱগণৰ সেনাপতি কাৰ্তিক। পূজা মণ্ডপৰ বেদীত এইদৰে এইসকল দেৱ দেৱীৰ প্ৰতিমা স্থাপন কৰি শঙ্খ ঘণ্টা, ঢাক কাঁহৰ মধূৰ মূৰ্ছনাৰ মাজত চণ্ডী পুথি অনুসৰি বিধিসন্মত পূজা আৰাধনা কৰা হয়। ইয়াৰ নিহিত অৰ্থ এই যে দেৱী মা ভৱানীয়ে দহো হাতে দহ অস্ত্ৰ লৈ দহোদিশৰ বীৰ্যৱন্ত অসুৰৰূপী অসুভ শক্তিক দমন কৰি, ঐশ্বৰ্য বিভূতি, শিক্ষা দীক্ষাৰে জগৎ জোনালীময় কৰি পৃথিৱীত শান্তি স্থাপন কৰিব। মাৰ্কেণ্ডেয় চণ্ডী অনুসৰি এসময়ত অসুৰ ৰজা মহিষাসুৰে স্বৰ্গ জয় কৰি দেৱগণক স্বৰ্গৰ পৰা খেদি পঠিয়ায়। প্ৰতিকাৰৰ উপায় বিচাৰি দেৱগণে ব্ৰহ্মা, বিষ্ণু আৰু শিৱৰ কাষ চাপে। নিজৰ দূৰ্গতিৰ কথা দেৱতা সকলে ব্যক্ত কৰে। দেৱগণৰ দূৰ্গতি শুনি ত্ৰিদেৱৰ ক্ৰোধত মুখৰপৰা ক্ৰোধাগ্নি নিৰ্গত হয়। তিনি পৰমেশ্বৰৰ ক্ৰোধাগ্নি মিলিত হৈ সৃষ্ট হোৱা জ্বলন্ত অগ্নিশিখাৰ পৰাই দশভূজা ৰণচণ্ডী দূৰ্গতিনাশিনী দেৱী দূৰ্গাৰ আৱিৰ্ভাৱ হয়। এই শক্তি দেৱীৰ দৰ্শন লাভ কৰি দেৱগণ আহ্লাদিত হৈ দেৱীক নিজ নিজ অস্ত্ৰ শস্ত্ৰ প্ৰদান কৰি অসুৰক বিনাশ কৰি দেৱতাক ৰক্ষাৰ বাবে মিনতি জনালে। দেৱতাসকলৰ প্ৰাৰ্থনা স্বীকাৰ কৰি মহিষৰূপী অসুৰক বধ কৰি দেৱগণৰ দূৰ্গতি নাশ কৰিলে। আজিও ভক্ত গণে চণ্ডীত উল্লেখ থকা এই কাহিনীটোকে বিশ্বাস কৰে আৰু অশুভ শক্তিৰ বিনাশ কৰি সমাজত শুভ শক্তিৰ জয় জয়কাৰ প্ৰতিষ্ঠা কৰিবলৈকে দেৱীৰ বাৰম্বাৰ আবিৰ্ভাৱ হোৱাটো সকলোৱে কামনা কৰে। "যা দেৱী সৰ্বভূতেষু শক্তি ৰূপেন সংস্থিতা। নমস্তসৈ নমস্তসৈ নমস্তসৈ নমোঃ নমঃ।।"
দূৰ্গতিনাশিনী দেৱী দুৰ্গা — পঙ্কজ ৰবিদাস
September 27, 2024
0