শ্ৰেষ্ঠ মানুহ -আব্দুছ ছুবহান বৰভূঞা

©Admin
0
হ'ব পাৰোঁ মই এজন অশিক্ষিত 
তথাপিও কওঁ মই মূৰ্খ নহয় 
নাথাকিব পাৰে মোৰ কোনো ডিগ্ৰী 
তথাপিও কওঁ মই কোনো অন্ধ ভক্ত নহয় 
নাথাকিব পাৰে মোৰ সমাজত কোনো সন্মান 
তথাপিও মই এচাম উদণ্ড যুৱকৰ দৰে নহয়। 
হ'ব পাৰোঁ মই সমাজত এজন দুখীয়া-নিচলা 
তথাপিও মই কিন্তু কোনো সাম্প্ৰদায়িক নহয় 
কেতিয়াও স্থান নিদিওঁ মই সাম্প্ৰদায়িকতাক 
তথাপিও সমাজত মোক কোনো স্থান দিয়া নহয় 
তেতিয়াই বৰ দুখ লাগে মনত 
ইমান খিনিৰ পিছতো মোক গণ্য কৰা নহয়। 
হয়! 
এটা শিক্ষাই লাভ কৰিলোঁ জীৱনত 
ভগৱানৰ ওচৰত কোনো জাত-পাত গ্ৰাহ্য নহয় 
সেয়েই আমি সকলো শ্ৰেষ্ঠ মানুহ 
পৰিচয় আমাৰ দুটা, পুৰুষ আৰু মহিলা, 
আহক আমি সকলোৱে মিলি 
সাম্প্ৰদায়িকতাক নিঃশেষ কৰি 
হাতে হাত ধৰি আগুৱাই যাওঁ 
বাকি থকা জীৱন বাটত 
এদিন আমি শেষ হৈ যাম 
কিন্তু 
থাকি যাব সমাজত আমাৰ স্মৃতি।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)