১৯ ছেপ্তেম্বৰ ইতিহাসত আজিৰ দিনটো

©Admin
0
১৯ অক্টোবৰ হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৯২তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৭৩টা দিন বাকী থাকে।এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -
১/আজিৰ দিনটোতে ১৩৮৬ চনত জাৰ্মানীৰ আটাইতকৈ পুৰণি উচ্চ শিক্ষা প্ৰতিষ্ঠান হাইডেলবাৰ্গ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয়।
২/ আজিৰ দিনটোতে ১৩৮৬ চনত অট্টোমান বাহিনীয়ে বুলগেৰিয়াৰ ৰাজধানী ছফিয়া দখল কৰে।
৩/ আজিৰ দিনটোতে ১৭৮১ চনত আমেৰিকাত ব্ৰিটিছ সেনাৰ মুৰব্বী লৰ্ড কৰ্ণৱালিছে আমেৰিকান সেনাৰ মুৰব্বী জৰ্জ ৱাশ্বিংটনৰ হাতত আত্মসমৰ্পণ কৰে আৰু আমেৰিকাৰ স্বাধীনতা যুদ্ধৰ অন্ত পৰে।
৪/ আজিৰ দিনটোতে ১৯১০ চনত  ভাৰতীয় মূলৰ আমেৰিকান জ্যোতিৰ্পদাৰ্থবিজ্ঞানী সুব্ৰহ্মণ্যন চন্দ্ৰশেখৰৰ জন্ম হৈছিল।
৫/ আজিৰ দিনটোতে ১৯২৯ চনত  ভাৰতীয় গান্ধী দৰ্শনৰ সমাজকৰ্মী নিৰ্মলা দেশপাণ্ডেৰ জন্ম হৈছিল।
৬/আজিৰ দিনটোতে ১৯৩৭ চনত নিউজিলেণ্ডত জন্ম গ্ৰহণ কৰা প্ৰসিদ্ধ ব্ৰিটিছ পদাৰ্থবিদ আৰ্নেষ্ট ৰাডাৰফ'ৰ্ডৰ মৃত্যু হৈছিল।
৭/ আজিৰ দিনটোতে ২০১৩ চনত বঙালীভাষী ভাৰতীয় সঙ্গীত শিল্পী মাধুৰী চট্টোপাধ্যায়ৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)