হেঁপাহ হৈয়ে ৰৈ যায়।
কথা বোৰ কথা হৈয়ে ৰৈ যাব
থাকি যাব মাথোঁ স্মৃতিবোৰ।
নঙঠা হৃদয়টোত প্ৰেমৰ এটি বাহ
ভাবিলেই জীপাল কৰি তোলে,
নতুন এটি অনুভৱেৰে ।
সময়বোৰ কঠিন হৈ যায়
যেতিয়া নিজান ধৰণিলৈ চোৱা হয়,
বুকুখন খামুচ মাৰি ধৰে।
সুন্দৰ প্ৰেমৰ এটি অনুভৱে
কিছু মিঠা যন্ত্ৰণাও
উপহাৰ দি যায়।
ক'ব খুজিও যে মনতে
সাঁচি ৰাখিব লগা হয় ।
তেতিয়াই সেই মিঠা যন্ত্ৰণা বোৰে আহি খুন্দা মাৰি যায়।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ