শৈশৱৰ আঘোণে ৰিঙিয়াই মাতিছে — জুলী মৰাণ গগৈ

©Admin
0
শৈশৱৰ আঘোণে ৰিঙিয়াই মাতিছে
পুৱাতে উঠি ককাইদেউৰ ভাগৰ দীঘল হাতৰ বগাচোলাটো পিন্ধি
মূৰত বগা গামোচা খন বান্ধি লৈ
নিয়ৰৰ কণিকাই কণিকাই পথাৰলৈবুলি
দৌৰ মাৰিছিলো ।
ধেনুভেৰীয়া কাঁচিখনেৰে মুঠি মুঠি কৰি ধান কাটিকি যে সুখ অনুভৱ কৰিছিলোঁ ।
সোনালী ধানৰ বোকোচাত বহি থকা নিয়ৰ কণাবোৰে দুহাত মোৰ তিয়াইছিল ।
চেঁচা কোমল পুৱাটোৱে দেহটো কঁপাই তুলিছিল । পথাৰৰ জীপাল বনে দুভৰি তিয়াইছিল ।  
আঘোণৰ ধান মুঠিবোৰ দেখি কি যে এটা হেঁপাহ ভাঁহি আহিছিল ।
ভৰ দুপৰীয়া চোকা ৰ'দত
আইৰ হাতৰ পাতত বন্ধা ভাত আৰু মাছৰ পিটিকা জুতি, 
উফঃ ! ৰবাব টেঙা চকলা চকল খাই কি যে মজা লাগিছিল।
না ভাগৰ আছিল না দুখ আছিল
কেৱল ধান কটা ঠাইত মোৰ খোৱাৰ চিন্তা আছিল । 
আজি কি আনিছে বাৰু!
কেতিয়া যে খাবলৈ পাম ।
সঁচাই শৈশৱে মোক বৰকৈ ৰিঙিয়াই
ককাইদেউ ভাগৰ বগা চোলাটো
আকৌ যে কেতিয়া গৈ পিন্ধিব পাম ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)