চন্তৰীয়ে খুলিছে কাৰাগাৰৰ প্ৰথম দুৱাৰ- অনন্ত কুমাৰ ভূঞা

©Admin
0
খদমদম লগাই  
সূৰ্যই তেজ পিছে অহংকাৰত
গ্ৰীষ্মৰ উত্তাপত ভীষ্ম শৰশয্যাত 
সপোনৰ পমখেদি নিশাৰ আন্ধাৰত
সম্ভ্ৰান্ত ৰূপত নতুন নায়কৰ অভিনয় চাই
বিমুগ্ধ অখ্যাত বিখ্যাত লোক ।
সেই বাবে 
আকাংক্ষাৰ শিখৰত নৃত্যছন্দত বলিয়ান হৈ
অহৈতুক প্ৰীতিত বৃদ্ধি পায় অবৈতনিক সম্ভোগ ,
হঠাৎ বিপদ ঘণ্টা বাজে পদুলি মুখত
বিভ্ৰান্তিত চঞ্চল মন
শুবলৈ ধৰোতে শংকেত বাজে বিপদৰ
বুদ্ধিমত্তাৰে অজস্ৰ কৌশল ৰচী
উমলি ফুৰে মাজ সাগৰৰ ঢৌত ।
হৰ্ষ উল্লাসত
সময় আহে আৰু যায় 
উভতি চাবলৈ প্ৰয়োজন নাই
সুখৰ চৰুত সুস্বাদু খাদ্য সম্ভাৰ উভৈনদী
অভাৱহীন চিন্তাত সীমাহীন উচ্চাকাংক্ষা
চতুৰ মনৰ বুদ্ধি প্ৰখৰতাত
ভোল যায় অজস্ৰ জন  
প্ৰলোভনৰ দুৱাৰ মাজনিশাও বন্ধ নহয়
ৰাজহংসৰ খোজত
স্বপ্নৰ মজিয়াত নৃত্য ব্যয়বহুল
খৰচৰ দীঘলীয়া তালিকা 
সংকোচবিহীন মুক্ত মন 
সহজলভ্য ধন উৰুৱাই মুক্তহস্তে ,
স্নেহৰ স্বভাৱ দৌৰ মাৰে দিগন্ত চুবলৈ 
সন্মুখৰ জুইকুৰা জ্বলিলেও দৃষ্টি নাযায়
কাৰণ 
চন্দুকৰ চাবিপাত নিজৰ হাততে থাকে
সুখবোৰ নিমজ নৌহওঁতেই  
দুখে আকোঁ‌ৱালি ধৰে 
অকস্মাত সিংহদুৱাৰত তলা লাগে 
বাধাপ্ৰাপ্ত হয় অহাযোৱাত 
আৰু উজাগৰে থকা চন্তৰীয়ে
খুলি দিয়ে কাৰাগাৰৰ প্ৰথম দুৱাৰ।

✍️অনন্ত কুমাৰ ভূঞা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)