মৌনতা সঙ্গী হ'ল ।
আকাশৰ নীলাভবোৰত
শুকুলা মেঘৰ নৃত্যৰ আখৰা।
ভাল লাগে,
জোনাক ৰাতি নিৰ্জনতাৰ
উৰ্মিমালা...
বেদনাৰ ধুমুহাই আজি কালি আমনি নকৰে,
হৃদয়ত অংকুৰিত অনুভৱৰ বিশাল শব্দ মালাত
প্ৰাণ পাই উঠে
এক আলোকময় সুখৰ মালিতা...
আই ...
তুমিয়েই সত্য ।
বাকী...
অতীতৰ মধুৰ স্মৃতিবোৰ আজি কালি বিস্মৃতি হ'ল।
কিন্তু ,
উশাহ-নিশাহ ঠিকেই চলি আছে।
মৌনতাৰ বাগিচা খনত ফুলি থকা নানা ৰঙৰ ফুলবোৰত
আনন্দ আছে,
হাঁহি আছে ,
আন্তৰিকতা আছে,
জীৱন আছে,
আইৰ মৰম আছে...।
সেয়ে,
আজিকালি একাকীত্ব ভাল লগা হ'ল।
✍️সীতা দেৱী,
বিহপুৰীয়া
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ