ৰেচিপি —ৰঞ্জু গায়ন (বৰুৱা)

©Admin
0
জাতিলাউ খাৰ
উপকৰণ:-
 ১/ জাতিলাউ
  ২/ মাছৰ মাথা
  ৩/ খাৰ
  ৪/ আধা চামুচ সৰিয়হ

      প্ৰণালী:- প্ৰথমে জাতিলাউ খিনি সৰু সৰু‌কৈ কাটি লওক । তাৰ পাছত মাছৰ মাথা ভাজি ল'ব । এতিয়া গৰম তেলত আধা চামুচ সৰিয়হ আৰু এটা শুকান জলকীয়া দি লাউখিনি ভাজি থাকক । সোৱাদ অনুসৰি নিমখ দিব । অলপ সিজিলে প্ৰয়োজন অনুসৰি খাৰ দি ভালকৈ লৰাই ঢাকি দিব ।তাৰ পাছত মাছৰ মাথাটো তাতে ভাঙি দি লৰাই ভালকৈ উতলিব দিব । হৈ যোৱাৰ পাছত অকণমান ধনিয়াৰ পাত চতিয়াই দিব । এতিয়া হৈ গ'ল জাতিলাউ মাছৰ খাৰ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)