বন বোৰ শুকুলা মেঘৰ ডাৱৰ
বোৰে ডিঙা মেলিছে
শৰৎৰ বতৰা লৈ
উকা চোতালখনি ভৰি পৰিব
শুভ্ৰ শেৱালীৰ পাহিৰে
শেৱালী পাহিটিও সুগন্ধি
বিলাই দিয়ে শাৰদীৰ সুবাস
শাৰদীৰ আগমনি কথা শুনি
নিয়ৰ কণাবোৰো মুকুট মণি
হৈ জিলিকি উঠে ,
চোতালৰ দুৱৰি বনত ।
ক্ষীণ জ্যোতিৰ কোমল পৰশে
মন বোৰ সতেজ কৰি
লৈ যায় , শুভ্ৰবলাকাৰ শুকুলা
মেঘৰ শুভ্ৰ পোছাকৰ ভাঁজত ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ