মই ইয়াতে থাকো মাথোঁ
গাবলৈ তোমাৰ গান,
দিয়া তোমাৰ জগত সভাত
অকমান মোক স্থান।
মই তোমাৰ পৃথিৱীখনত
নালাগিলো নাথ,কোনো কামত,
সেই সুৰহে বাজে প্ৰাণে
অসাৰ যি গান।
নিশাৰ নীৰৱ মন্দিৰে
তোমাৰ কীৰ্ত্তন,
তাতে মোকে আদেশ কৰা
গাবলৈ হে ৰাজন।
পুৱা যেতিয়া আকাশ জুৰি
বাজিব বীণা সুৰ ভৰি
মই যেন নৰওঁ দূৰে
দিয়া মোক এই সন্মান।
মূল ৰচনা: ৰবীন্দ্ৰনাথ ঠাকুৰ,
( গীতাঞ্জলি, নং ৩১ )
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ