টুকুৰাবোৰ সামৰি
অশ্ৰুৰ নিজৰা মচি,
ধুমুহাজাকক মনতে শান্ত কৰি
আগবাঢ়ো হাঁহিৰ মুখাখন পিন্ধি।
নিজানত বহি
ভাগৰি পৰা আত্মাৰ
হৃদয়ৰ উচুপনি শুনি,
আবেগে খুন্দা মাৰে বুকুখনি
বন্ধ হ'ব ধৰে উশাহটি।
বিচূৰ্ণ মনটো সামৰি
আবেগৰ সমাধি কৰি
পুনৰ আগবাঢ়ো
হাঁহিৰ মুখাখন পিন্ধি।
বুকুৰ গধুৰ বোজাটি
থ'বলৈ অলপ ঠাই
বিচাৰি নাপালো,
মুখাবিহীন হাঁহি এটি
মাৰিব বিচাৰিও
থমকি ৰʼলো।
বুকুৰ গধুৰ বোজাটি
পুনৰ বুকুত বান্ধি,
অগবাঢ়ো,
হাঁহিৰ মুখাখন পিন্ধি।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ