এতিয়ালৈ আছোঁ আৰু কেতিয়ালৈ থাকিম তাৰ নাই কোনো মোহৰ।
অকণ অকণ কৰি সময়বোৰ শেষ হৈছে যুগ যুগ ধৰি;
সময়বোৰ শেষ হৈছে যেন গছৰ শুকান পাতৰ দৰে সৰি পৰি পৰি।
তথাপি দ্রুতগামী এই জীৱন-যাত্ৰাত কিমান যে মানুহৰ আশা;
বিলাসী আত্মাৰে জীৱন-নৈ পাৰি দিয়াৰো থাকে অভিলাষ।
কিন্তু আবিৰত সময় যেন হৈছে জীৱনবাটৰ এক অকৰুণ অদৃশ্যতা;
প্রবাহী সময় যেন হৈছে নিশাৰ আকাশৰ কাচিজোনৰ এক অপূর্ণতা |
জীৱন বাটত এই ভাগৰুৱা মনে বিচাৰে কিছু বিৰতি আৰু মৌনতা;
কিন্তু সময় যেন হৈছে আবেলি পৰৰ পশ্চিমৰ অৰ্ধ প্ৰভাকৰৰ এক ব্যাকুলতা।
তথাপি পল অনুপল কৰি দিন, মাহ, বছৰ এৰি যুগ যুগ পাৰ হৈ যায়;
তথাপি এটি দুটি কৰি গথা মৰমৰ মাত কথাই জগতক বিৰাজ কৰায়।
অকল সুখেৰে নহয় ভৰা, মিত্ৰ জানিবা এই ধৰা;
দুখো আছে সুখৰ লগত আৰু মহত্ত্বৰেও ভৰা।
ভালপোৱা বস্তুৰে ভৰা এই যে বিস্ময়কৰ পৃথিৱী;
সময়বোৰ পাৰ হৈছে তাকে এৰি যোৱাৰ কথাকে থাকি ভাবি ভাবি।
তথাপিও এটি দুটি কৰি গথা মৰমৰ মাত কথাই জগতক কৰাই শৰৎ;
তথাপিও এটি মাথো হাঁহিৰেই সুখে ভৰা কৰি দিয়ে মৰত।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ