পিঞ্জৰা বন্ধ এটি চৰাইৰ কৰুণ গান —মিন্টু গোৱলা

©Admin
0
খুলি দিয়া দুৱাৰ খন অলপ
 সূৰ্য কিৰণ সোমাই আহিবলৈ দিয়া 

বহু দিন হ'ল এই সূৰ্যৰ মুখ নোচোৱা
বন্ধ কোঠালিৰ অন্ধকাৰ বোৰে 
মোৰ চকুত সানিছে আন্ধাৰ জাল।

উৰিব মন যায় আনৰ দৰে মুক্ত আকাশত 
কিন্তু মই যে পিঞ্জৰা বন্ধ এটি চৰাই!

য'ত স্ব ইচ্ছাৰে কোনো কাম 
কৰিব নোৱাৰোঁ ।

মুক্ত হৈও আজি পিঞ্জৰা বন্ধ
 হৈ জীয়াই আছোঁ।

মোৰ কৰুণ গাঁথা 
 কোনে শুনিব?

কোনে মোক মুক্ত কৰিব ?

চৰাইৰ দৰে পিঞ্জৰা বন্ধ কৰি
 সপোনবোৰক আন্ধাৰ 
কোঠালিত আৱদ্ধ হৈ পৰিছে।

মই কোনো সূৰ্যৰ কিৰণ দেখা নাই 
নাই কোনো আকাশ আছে কেৱল মাথোঁ 
অন্ধকাৰ এই মোৰ জীৱন 
জীয়াৰ এটি কৰুণ গান।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)