দেশ প্ৰেম- বিদ্যুৎ গগৈ

©Admin
0
পৰিজ্ঞানে ভৰা আমাৰ পোহৰৰ দেশ
সবাতো আপোন এই মমতাৰ দেশ
উত্তৰে পৰ্বতমালা, দক্ষিণে সাগৰ
দেশৰ হকে যুঁজি নেলাগে ভাগৰ।

সুকান্ত ভাৰতবৰ্ষ, ৰূপহী অসম
এইখনি মোৰ দেশ সবাতো উত্তম
মোৰ দেশ, মোৰ মাটি নিদিওঁ এৰি
দেশৰ হকে যুঁজিম লৰি-ধাপৰি।

নিজৰা বৈ যায় হিমালয়ৰ পৰা
এই দেশ মহান মানুহে ভৰা
 কৰিম সদাই দেশক শ্ৰদ্ধা , মৰম
এই দেশৰ গছ-বন সবাৰে মনোৰম।

আঘোনৰ পথাৰত সুৱৰ্ণময় ধান
কʼত যে সুৰীয়া এই দেশৰ গান
এই দেশৰ পশু-পক্ষী সবাৰে মৰমৰ 
এইখনি মোৰ দেশ জন্ম জন্মান্তৰ।

✍️বিদ্যুৎ গগৈ 
   কদম নভঙ্গনীয়া গাওঁ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)