(১)
এটি মৰাশ, কিন্তু উশাহ লয়
গোটেই চহৰখনেই মৃত
মৃতকৰ প্ৰেতাত্মাই কৰুণ গাঁথাৰে কয়,
হে নশ্বৰ দেহ এটাই আনটোৰ ওপৰত
মাৰফৎ হৈয়ো আজি কিয় নিতাল নিমাত ?
মৃত হৈয়ো আজি কিয় বিচৰা
স্বস্তিৰ নিশ্বাস ?
(2)
মৃত চহৰত আন এটা মৰাশ
জন অৰণ্য আজি জনমহাৰ্ণৱ,
মানৱৰ মুখা পিন্ধি
কলিজাত আঁচোৰ দিয়া নৰাধম,
কেঁচা তেজৰ গোন্ধত জীপাল হৈ
জীৱনৰ মাদকতা বিচাৰি ।
আজি কি হৈ পৰিছা অভাগী ?
মাৰফৎ হৈয়ো আজি কিয় নিতাল নিমাত ?
মৃত হৈয়ো আজি কিয় বিচৰা
স্বস্তিৰ নিশ্বাস ?
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ