দেউতা — দিপশিখা ৰাজকোঁৱৰ

©Admin
0
নিশাৰ অন্ধকাৰৰ মাজত হিয়াই নিজকে আবদ্ধ কৰি ৰাখিছে বন্ধ কোঠালিৰ মাজত।বাহিৰৰ পৰা মাক আৰু বায়েকে তাইক চিঞৰি আছে। কিন্তু তাই কাণসাৰ দিয়া নাই কথাবোৰলৈ।বিষাদৰ তাড়নাত তাই সৰু ছোৱালীজনীৰ দৰে বৰকৈ উচুপি উঠিছে।অভিমানী বৰষুণজাকেও তাইৰ দৰেই অভিমান কৰি উচুপিছে।তাইৰ কান্দোন মাক আৰু বায়েকৰ কাণত স্পষ্টভাৱে ধ্বনিত হৈছে।
             ইমান বছৰে তাই আজিৰ দৰেই উচুপি উচুপি পাৰ কৰিছে জীৱনৰ প্ৰতিটো নিশা। স্তম্ভিত কৰা কিছুমান বিষাদৰ স্মৃতিয়ে তাইক বৰকৈ আমনি কৰে। সামৰি থ'ব খুজিও তাই বিষাদৰ টোপোলাটো সামৰি থ'ব পৰা নাই।মাক আৰু বায়েক অহাৰ উমান বুজি তাই মুখখনত হাত দি মৌন হ'বলৈ চেষ্টা কৰিলে। কিন্তু তাই পৰা নাই।আজি তাই বাৰে বাৰে ব্যৰ্থ হৈছে।
            তাইৰ কোনো সঁহাৰি নোপোৱাত মাকহঁতে ককায়েকক মাতি আনিলে।তাই আৰু নোৱাৰিলে কান্দোন সামৰি ৰাখিবলৈ।হিয়াই কান্দিছে দেউতাকক কাষত বিচাৰি । " দেউতা..... ! দেউতা.... কিয় গুছি গ'লা? ঘূৰি আঁহা দেউতা...! এবাৰ দেউতা... এবাৰ... লৈ যোৱা মোক তোমাৰ ওচৰলৈ..... দেউতা... দেউতা....!" 

তাই দুৱাৰখন খুলি নিদিয়া দেখি ককায়েকে দুৱাৰখন ভাঙি দিলে । মাক আৰু বায়েক তাইৰ ওচৰলৈ আহি তাইক সাৱটি ধৰিলে। কান্দি- কান্দি কেতিয়ানো তাই মৌন হৈ শুই গ'ল গমেই নাপালে।টোপনি যোৱাৰ পিছতো তাইৰ মুখৰ পৰা এটা শব্দই শুনা গৈছে - দেউতা....... দেউতা!

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)