দুঃস্বপ্নৰ;
নিমিষতে ধুলিৎসাত কৰি
আপোন পাহৰাত
নিমগ্ন সখী।
কোন সৌ দূৰ যাযাবৰী স্বপ্নৰ
কিয় আহি কাঢ়ি নিলা
মোৰেই দুঃস্বপ্নৰ মৰ্য্যাদা
নিমিষতে কাঢ়ি গঢ়ি
মোৰেই প্ৰাসাদ হম্য।
যাউতিযুগীয়া খ্যাতি ৰাখি
মোৰ এই ব্যথা হৃদয়ৰ
প্ৰাপ্তিটো নিৰাষক্ত কৰি
থৈ গলা অবোধ নিৰলা;
ময়ো যে হও দুঃস্বপ্নৰ গৰাকী
সামাজিকতো অসাধাৰণত্ব
অব্যৰ্থ মোৰ এই দুঃস্বপ্ন
কাঢ়িম, গঢ়িম, সাজিম
নতুন দিগন্তৰ পথ মুখাৰিম
মইয়ে হ'ম যাযাবৰী
দুঃস্বপ্নৰ ....
স্বপ্নাতুৰ.... ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ