শাৰদী ৰাণী শৰৎ- দিপশিখা ৰাজকোঁৱৰ

©Admin
0
তলসৰা শেৱালী ফুলৰ 
বগা বগা সৰু পাহিবোৰ
এজাক বৰষুণৰ সান্নিধ্যত
বোকাত মিহলি হৈ গৈছে 
এছাটি শীতল বতাহৰ স্পৰ্শত
শেৱালী ফুলৰ সুগন্ধ
চৌদিশে বিয়পি আহিছে।
আমোলমোল শেৱালীৰ গোন্ধে 
থৌকিবাথৌ কৰে শৰীৰ মন 
প্ৰকৃতিৰো কিযে মনোমোহা নিয়ম 
প্ৰকৃতি সন্তানৰ প্ৰতি ইমান মৰম 
পুৱাই উঠি শেৱালী ফুলৰ 
 সোণালী সুৱাস বিচাৰি 
আলফুলকৈ বুটলি আনো 
এপাহ দুপাহকৈ বহুকেইপাহ শেৱালী।
দোকমোকালিতে সৰি পৰা 
শেৱালীৰ নাই কোনো অভিমান 
উচুপি উঠা শেৱালী ফুলৰ প্ৰতি 
নাই কোনো আদৰ যত্ন 
তথাপিও শেৱালীয়ে দিয়ে 
প্ৰকৃতি ৰাণী শৰতৰ বতৰা 
সেয়ে হয়তো শাৰদী ৰাণী শৰৎ ।
শৰতৰ অপূৰ্ব সৌন্দৰ্য্যই 
আলোকিত কৰি সৃষ্টি কৰে 
অভিমানী হৃদয়ত এটি প্ৰেমৰ কবিতা 
কবিৰ অনুভৱত শৰৎ হৈছে ৰাণী 
প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য্য
শেৱালী ফুলৰ হাঁহি আৰু উচুপনি 
মোৰ চকুৰ সন্মুখত স্পষ্ট 
এই শৰতৰ বতৰত 
সেয়ে হয়তো সকলোৱে কয় 
শৰৎ শাৰদী ৰাণী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)