শৰৎ কালৰ ৰাতি অতি- বিজোনমণী বৰা

©Admin
0
শৰৎ কাতৰ ৰাতি অতি বিতোপন
কৃষ্ণৰ বাঁহীৰ সুৰত নাচে বৃন্দাবন
থমকে থমকে প্ৰবাহে যমুনা
ষোলশ গোপীৰ শৰীৰ মন উন্মনা ৷
গৃহস্থী যত চৌষষ্টি জঞ্জাল
সকলো সমপিত কৃষ্ণতে মন প্ৰাণ 
সপ্তসুৰে শ্ৰীকৃষ্ণ সুকন্ঠে বজাই মুৰুলী
গোপীৰ উত্তাৱল চিত্‌ মেলে ঢাপলি ৷
কৃষ্ণতে মন প্ৰাণ অপৰ্ণ কৰি
ইহ সংসাৰ পৰমাত্মাৰ যুগসুত্ৰৰ সুতাৰ দৰে
সাকোঁ ডালকো বগাব পাৰি ৷
তাকেহে আৰ্দশ ৰূপে মানি
বৃন্দাবনত শ্ৰীকৃষ্ণৰ লীলা সকলো সামৰি উদযাপিত
আজিও ৰাস ক্ৰিয়া ভাগি ৷
প্ৰেমৰ অনুভৱে ভক্তি মাগেও
পাব পাৰি পৰমাত্মাৰ আশীষ অজ্ঞলি ,যুগে যুগে তাকে আশীষ বুলি আছো সুৱৰি ৷



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)