ফ্ৰান্সিছ দেশৰ কাশীৰ নামে এখন ৰাজ্যৰ ৰজা আছিল মৌৰ্যবীৰ। মৌৰ্যবীৰৰ একমাত্ৰ পুত্ৰ চক্ৰজ্যোতি। মহাৰাজ মৌৰ্যবীৰে তেখেতৰ পুত্ৰ বিদ্যা-বুদ্ধিত পাকৈত হোৱাটো বিছাৰিছিল।
কিন্তু "মনে খোজে ৰজা হ'ব,বিধাতাই নিদিয়ে খুজি খাব।" তেওঁৰ আশাত চেঁচা পানী পৰিল। ৰাজকুমাৰ চক্ৰজ্যোতিয়ে পঢ়া-শুনা নকৰি দিনৰ দিনটো লগৰীয়াৰ লগত ঘূৰি ফুৰিছিল। এদিন মহাৰাজে গুৰু মহেন্দ্ৰৰাজৰ ওচৰলৈ ৰাজকুমাৰক পঠিয়াই দিলে। পিছে ৰাজকুমাৰে গুৰু গৃহতো পঢ়া-শুনা নকৰি হাঁহি-ধেমালিৰে সময় পাৰ কৰিবলৈ ধৰিলে।
কিছুদিনৰ পাছত ৰাজকুমাৰ নিজ ৰাজকাৰেঙলৈ উভতি আহিল। ৰাজকুমাৰক দেখি মহাৰাজে সুধিলে-- বোপাই তই গুৰু গৃহত ভালদৰে পঢ়া-শুনা কৰিছনে? হয় দেউতা, মই গুৰু গৃহত বেদ, উপনিষদ আদি পঢ়ি সম্পূৰ্ণ কৰিলোঁ। হয় নেকি? তেন্তে কচোন ভাৰতৰ প্ৰাচীন বেদ কোনখন? দেউতাকৰ প্ৰশ্ন শুনি ৰাজকুমাৰে মূৰ তল কৰিলে। খঙত দেউতাকে ৰাজকুমাৰৰ দৰে মিছলীয়া পুত্ৰৰ কোনো প্ৰয়োজন নাই বুলি ৰাজকুমাৰক ৰাজ্যৰ পৰা বাহিৰ কৰি দিলে।
দুখতে ৰাজকুমাৰে নিজ ৰাজ্য এৰি গুচি গ'ল। গৈ গৈ তেওঁ সত্ৰপুৰ নামে এখন ৰাজ্য পালে। সেই ৰাজ্যত এখন ডাঙৰ বজাৰ আছিল। কিন্তু বজাৰৰ দোকানবোৰত কোনো দোকানী নাছিল। ৰাজকুমাৰে ওচৰতে বজাৰ কৰি থকা এজন ব্যক্তিক সুধিলে -- এই দোকানবোৰত কোনো দোকানী নাই যে? ৰাজকুমাৰৰ কথা শুনি ব্যক্তি জনে ক'লে -- আমাৰ ইয়াৰ দুকানবোৰত দোকানী নাথাকে। দোকানবোৰত বস্তু সজাই থোৱা আছে দগা- পল্লাও আছে। আৰু দামো লিখা আছে। নিজেই বস্তুবোৰ জুখি লৈ গলেই হ'ল।
ৰাজকুমাৰে দোকান এখনলৈ গৈ এককেজি মুৰি ল'লে আৰু পইছাও দিলে। এনেতে দুকানীজন দোকান চাবলৈ বুলি আহিল। ৰাজকুমাৰক দেখি তেখেতে সুধিলে তুমি কিমান মুৰি লৈছা। ৰাজকুমাৰে ক'লে -- মই এককেজি মূৰি লৈছোঁ। দোকানীজনে ৰাজকুমাৰে বেছি মুৰি লোৱা যেন পালে আৰু দগা-পাল্লাত জুখি চালে। দোকানীজনে জোখোতে দুই কেজি মুৰি পালে। দোকানীজনে ৰাজকুমাৰক সেই ৰাজ্যৰ ৰজা ৰঘূদেৱৰ ৰাজসভালৈ লৈ গ'ল ৰাজকুমাৰে কেতিয়াও বস্তু জুখি পোৱা
নাছিল। আৰু হিচাপো ভালদৰে নাজানে। ৰজাই বিচাৰত ৰাজকুমাৰক দোষী সজালে আৰু ছয় মাহৰ বাবে কাৰাদণ্ড দিলে।
✍️বিদ্যুৎ গগৈ
ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ
কলম নভঙ্গনীয়া গাওঁ
সঁচাকৈ বৰ ভাল লাগিল
ReplyDeleteসঁচাকৈ বৰ ভাল লাগিল
ReplyDelete