অসমীয়া ভাষাৰ উৎপত্তি সম্পৰ্কে আলোচনা কৰাৰ আগতে পৃথিৱীৰ মূল ভাষা পৰিয়ালৰ বিষয়ে আলোকপাত কৰিবলৈ প্ৰয়াস কৰিম।
(১) ভাৰত ইউৰোপীয় যি পৰিয়াল (Indo-European Languages family)
(২) দ্ৰাবিড় ভাষা পৰিয়াল (Dravidian Languages family)
(৩) অষ্ট্ৰিক ভাষা পৰিয়াল (Austric Languages family)
(৪) চীন-তিব্বতীয় ভাষা পৰিয়াল (Sino-Tibatan Languages family)
(৫) ইউৰাল-আলটাই ভাষা পৰিয়াল ( Eural -Altai Languages family)
(৬) বান্টু ভাষা পৰিয়াল ( Bantu Languages family)
(৭) ছেমীয়- হেমীয় ভাষা পৰিয়াল ( Semetic-Hemetic Languages family)
আমেৰিকা ভাষা পৰিয়াল (, American Languages family)
এইকেইটা মূল ভাষা পৰিয়ালৰ ভিতৰত অসমীয়া ভাষাৰ লগত সম্পৰ্ক থকা ইন চীন-তিব্বতীয় আৰু অষ্ট্ৰিক ভাষা পৰিয়ালৰ বিষয়ে সংক্ষেপে আলোচনা কৰি মূল ভাষা পৰিয়াল ইন্দো-ইউৰোপীয় ভাষাৰ পৰা যি প্ৰক্ৰিয়াৰ মাজেৰে অসমীয়া ভাষাৰ উৎপত্তি হৈছে,তাক দেখুৱাবলৈ চেষ্টা কৰিম।
চীন-তিব্বতীয়:- পূৰ্ব আৰু দক্ষিণ -পূৰ্ব এছিয়াৰ এক বিস্তৃত ভূ-ভাগত চীন-তিব্বতীয় ভাষা পৰিয়ালৰ ভাষা কোৱা হয়। এই পৰিয়ালৰ প্ৰধান দুটা শাখা (ক) শ্যামী-চীনা (খ) তিব্বত-বৰ্মীয়।
শ্যামী-চীনাৰ পৰা উদ্ভৱ ভাষা সমূহ হ'ল চীনা ভাষা আৰু টাই ভাষাৰ অন্তৰ্গত লাও, লু,ছান,খামটি,নোৰা, ফাকিয়াল, আহোম আদি ভাষা।
তিব্বত-বৰ্মীয় শাখা পৰিয়ালৰ ভাষাসমূহ হ'ল ভোটীয় শাখাৰ ভিতৰত তিব্বতী,বালতী,ছিকিম আদি ভাষা , হিমালয়ী শাখাৰ গুৰুং,তামাং,লেপচা,পাহাৰী আদি ভাষা, উত্তৰ-অসম শাখাৰ ভিতৰত অকা, ডফলা,মিৰি, মিচিং, চিংফৌ,আপাটানি ইত্যাদি ভাষা আৰু বড়ো শাখাৰ অন্তৰ্গত ভাষাসমূহ হ'ল, বড়ো, কছাৰী,মেচ, গাৰো,ৰাভা ত্ৰিপুৰী,লালুং, ডিমাছা, দেউৰী-চুতীয়া ইত্যাদি।
(খ) অষ্ট্ৰিক ভাষা পৰিয়াল:- এই পৰিয়ালৰ অন্তৰ্গত ভাষাসমূহ হ'ল, মোনখ্ মেৰ,কোল, মুণ্ডা, ছাওঁতালী, খাচি ভাষা ইত্যাদি।
এতিয়া আমি ইন্দো-ইউৰোপীয় ভাষাৰ সম্পৰ্কে বিতংকৈ আলোচনা কৰিম।
ইন্দো-ইউৰোপীয় পৰিয়ালৰ ভাষা:- এই পৰিয়ালৰ ভাষাসমূহ গোটেই বিশ্বজুৰি বিয়পি আছে। এই পৰিয়ালৰ অন্তৰ্গত ভাষাসমূহ হ'ল, ইংৰাজী, জাৰ্মান, ইটালী,আইৰিছ,হিট্টী, ফৰাচী,ৰুছ , লেটিন,গ্ৰীক, ইৰানীয়, আলবেনীয়, ৱেলছ, আৰু উত্তৰ- পূৰ্বৰ ভাৰতীয় ভাষাসমূহ।
এই পৰিয়ালৰ অন্তৰ্গত ভাৰতীয় আৰ্য ভাষা:- অতি প্ৰাচীন কালৰে পৰা ভাৰতীয় আৰ্য ভাষাৰ লিখিত নিদৰ্শন পোৱা গৈছে।
ভাৰতীয় আৰ্য ভাষাৰ ইতিহাসক তিনিটা ভাগত ভগোৱা হৈছে।
(১) প্ৰাচীন ভাৰতীয় আৰ্য ভাষা (Old Indo Aryan Language)
(২) মধ্য ভাৰতীয় আৰ্য ভাষা (Middle Indo Aryan Language)
(৩) নব্য ভাৰতীয় আৰ্য ভাষা (New Indo Aryan Language)
প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ ভিতৰত বৈদিক আৰু সংস্কৃতি ভাষাক অন্তৰ্ভুক্ত কৰা হয়।
প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ সময় ধৰা হৈছে খৃষ্টপূৰ্ব ১২০০ শতিকাৰ পৰা খৃষ্টপূৰ্ব ৬ষ্ঠ শতিকালৈ। মধ্য ভাৰতীয় আৰ্য ভাষাৰ সময় খৃষ্টপূৰ্ব ষষ্ঠ শতিকাৰ পৰা খৃষ্টীয় দশম শতিকালৈ আৰু নব্য ভাৰতীয় আৰ্য ভাষাৰ সময় হৈছে খৃষ্টীয় দশম শতিকাৰ পৰা বৰ্তমান সময়লৈকে।
মধ্য ভাৰতীয় আৰ্য ভাষাক তিনিটা স্তৰত ভাগ কৰিব পাৰি। প্ৰথম স্তৰৰ ভাষা ( খৃষ্টপূৰ্ব ষষ্ঠ শতিকাৰ পৰা খৃষ্টীয় প্ৰথম শতিকালৈ) অশোকৰ শিলালিপিৰ পালি ভাষা।
দ্বিতীয় স্তৰৰ ভাষাৰ সময় খৃষ্টীয় প্ৰথম শতিকাৰ পৰা ষষ্ঠ শতিকালৈ। এই সময়ত সংস্কৃত বা বৈদিক ভাষাসমূহ সৰলীকৰণ হৈ প্ৰকৃতিৰ( সাধাৰণ জনগণৰ ভাষা ) ভাষাই প্ৰাকৃত ভাষা হিচাপে নিৰ্ধাৰণ হয় । এই প্ৰাকৃত ভাষাৰ স্তৰ চাৰিটা (ক) শৌৰসেনী,(খ) গুজৰাটী, (গ) মাহাৰাষ্ট্ৰী(ঘ) মাগধী ।
মধ্য ভাৰতীয় আৰ্য ভাষাৰ তৃতীয় স্তৰৰ সময় হৈছে খৃষ্টীয় ষষ্ঠ শতিকাৰ পৰা দশম শতিকালৈ।
এই সময়ত প্ৰাকৃত ভাষাসমূহ সৰলীকৰণ হৈ শৌৰসেনী অপভ্ৰংশ, গুজৰাটী অপভ্ৰংশ, মাহাৰাষ্ট্ৰী অপভ্ৰংশ আৰু মাগধী অপভ্ৰংশ আদি ভাষালৈ পৰিৱৰ্তিত হয়।
নব্য ভাৰতীয় আৰ্য ভাষাসমূহ হ'ল শৌৰসেনী অপভ্ৰংশৰ পৰা পশ্চিমী হিন্দী, ৰাজস্থানী,পাহাৰী, পাঞ্জাবী গুজৰাটী অপভ্ৰংশ পৰা গুজৰাটী, মাহাৰাষ্ট্ৰী অপভ্ৰংশৰ পৰা মাৰাঠী আৰু মাগধী অপভ্ৰংশৰ অন্তৰ্গত পূৰ্ব মাগধী অপভ্ৰংশৰ পৰা ভোজপুৰী, মৈথিলী , মগহী, অসমীয়া, বঙালী আৰু উড়িয়া ভাষা আৰু অৰ্দ্ধ মাগধী অপভ্ৰংশৰ পৰা পূৰ্বী হিন্দী ভাষাৰ উৎপত্তি হৈছে।
নিঃসন্দেহে, অসমীয়া, বঙালী উড়িয়া আদি ভাষাসমূহ পূৰ্ব-মাগধী অপভ্ৰংশৰ পৰা উৎপত্তি হোৱা একে ভাই-ভনী ভাষা (Sisters Language). এই ভাষাসমূহ দশম শতিকাতে উদ্ভৱ হোৱা প্ৰাচীন ভাৰতীয় আৰ্য ভাষা। কিন্তু,এই ভাষাসমূহৰ ভিতৰত কোন ভাষাটি বেছি প্ৰাচীন,তাক সঠিককৈ নিৰ্ণয় কৰা সম্ভৱ নহয়। তথাপি কালিৰাম মেধিকে আদি কৰি অসমৰ প্ৰখ্যাত ভাষাবিদ সকলৰ মতে অসমীয়া ভাষাটি দশম শতিকাৰ বহুত আগতে কামৰূপী অপভ্ৰংশৰ পৰা উৎপত্তি হৈছে। যদিও এতিয়াও এই যুক্তিৰ সত্যতা প্ৰমাণ হোৱা নাই। এই কথা প্ৰণিধানযোগ্য যে, অসমীয়া ভাষাটি অসমৰ পশ্চিম সীমান্তৱেদি প্ৰৱেশ কৰি চৰ্যাপদৰ মাজেৰে ক্ৰমবিকাশ লাভ কৰি কমতাপুৰ -কোচবিহাৰ ৰাজ্যৰ দেশী ভাষাৰ স্তৰ অতিক্ৰম কৰি প্ৰাচীন কামৰূপী ভাষাৰ মাধ্যমেৰেই পূৰ্ণ বিকাশ লাভ কৰিছে বুলি প্ৰতিপন্ন কৰিব পাৰি। অৱশ্যে পৰৱৰ্তী দ্বাদশ শতিকাৰ পৰা এই প্ৰাচীন কামৰূপী ভাষাটি পূবৰ পিনে অগ্ৰসৰ হৈ তীব্বত-বৰ্মীয় আৰু অষ্ট্ৰিক ভাষাৰ সংস্পৰ্শলৈ গৈ এটি সুৰীয়া, বৈশিষ্ট্যপূৰ্ণ অসমীয়া ভাষা হিচাপে নিৰ্ধাৰিত হয়। জনজাতীয় ভাষাসমূহৰ লগত সংমিশ্ৰিত হোৱাৰ ফলত পূৰ্ব-মাগধী অপভ্ৰংশৰ ৰূপ তাত্ত্বিক আৰু ধ্বনি তাত্ত্বিক বৈশিষ্ট্যসমূহ মূলতঃ দন্ত মূলীয়,তালব্য মূলীয় ধ্বনিসমূহৰ পৰা ফালৰি কাটি ধ্বনি সমূহ একাকাৰ হৈ পৰিছে। এতিয়াও একমাত্ৰ অবিভক্ত গোৱালপাৰা জিলাৰ দেশী ভাষা আৰু কিছু পৰিমাণে কামৰপী ভাষাই পূব-মাগধী অপভ্ৰংশৰ বৈশিষ্ট্য অক্ষুণ্ণ ৰাখিছে। তথাপি এতিয়াও অসমীয়া ভাষা পূৰ্ব-মাগধী অপভ্ৰংশৰ সৈতে সম্পৰ্ক নিবিড়ভাৱে অটুট আছে।
যি কি নহওক, অসমীয়া ভাষা আৰু সাহিত্য ভাৰতৰ অন্যান্য ভাষাৰ তুলনাত বেছি প্ৰাচীন বুলি ক'ব পাৰি। এই ভাষাত প্ৰথমে ভট্টদেৱে " কথা গীতা" আৰু " কথা ভাগৱত" ৰচনা কৰি গদ্য সাহিত্যৰ সৃষ্টি কৰিছিল। প্ৰাক-শংকৰী যুগৰ মাধৱ কন্দলীয়ে সংস্কৃত ৰামায়ণ আৰু পৰৱৰ্তী ৰাম সৰস্বতীয়ে সংস্কৃত মহাভাৰত অসমীয়া ভাষালৈ অনুবাদ কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে " অঙ্কীয়া নাট আৰু ভাওনাৰ সৃষ্টি কৰিছিল। আহোম যুগৰ" চৰিত পুথি " আৰু" বুৰঞ্জী সাহিত্য" ৰচনা কৰি অসমীয়া ভাষাক প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ ভিতৰত শ্ৰেষ্ঠ ভাষা হিচাপে প্ৰমাণ কৰি গৈছে।
কিন্তু, দুৰ্ভাগ্যবশতঃ ইয়াণ্ডাবু সন্ধিৰ বিষময় ফল স্বৰূপে ১৮৩৬ চনৰ পৰা ১৮৭২ চনলৈকে অসমৰ শিক্ষানুষ্ঠান, চৰকাৰী কাৰ্যালয়, ন্যায়ালয়ত অসমীয়া ভাষাৰ পৰিবৰ্তে বাংলা ভাষা প্ৰচলন হোৱাৰ ফলত আধুনিক অসমীয়া ভাষা আৰু সাহিত্য বিকাশত হেঙাৰ হৈ পৰিছিল। তথাপি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰকুমাৰ আগৰৱালা আদি কবিসকলৰ প্ৰচেষ্টাত ৰোমান্টিক যুগৰ অসমীয়া ভাষা আৰু সাহিত্যৰ উৎকৰ্ষ সাধন হৈছিল আৰু সাম্প্ৰতিক যুগত হেমচন্দ্ৰ বৰুৱা, নৱকান্ত বৰুৱা, কেশৱ মহন্ত, অজিৎ বৰুৱা, হীৰেন ভট্টাচাৰ্য, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, চৈয়দ আব্দুল মালিক, হোমেন বৰগোহাঞি , হীৰেন গোহাঁই, নলিনীধৰ ভট্টাচাৰ্য, নীলমণি ফুকন, নিৰ্মলপ্ৰভা বৰদলৈ, মামণি ৰয়ছম গোস্বামী,সনন্ত তাঁতী,সমীৰ তাঁতী, নীলিম কুমাৰ আদি কবি সাহিত্যিক সকলে আৰু ড° ভূপেন হাজৰিকা, খগেন মহন্ত আদি সংগীত শিল্পী সকলে অসমীয়া ভাষা, সাহিত্য, সঙ্গীত আৰু সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।
অৰ্থাৎ অসমীয়া ভাষা অতি প্ৰাচীন কালৰে পৰা বৰ্তমান লৈকে এটি সমৃদ্ধিশালী ধ্ৰুপদী ভাষা (Classical Language)
প্ৰাচীন কালৰে পৰা অসমীয়া ভাষা ধ্ৰুপদী ভাষা আছিল, এতিয়াও আছে।
ৰাজনৈতিক কাৰণতে ২০০৪ চনৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ ভাষাবিদ সকলে ভাৰতৰ প্ৰাচীন ধ্ৰুপদী ভাষা যথাক্ৰমে তামিল, তেলেগু, কানাড়া, উড়িয়া, সংস্কৃত, পালি , প্ৰাকৃত, অসমীয়া, বাংলা আদি ভাষাসমূহক ধ্ৰুপদী ভাষা হিচাপে ঘোষণা কৰি আহিছে।
অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়া মহোদয়ে কাৰ দিহা পৰামৰ্শ মতে অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে ঘোষণা কৰিব লাগে বুলি কেন্দ্ৰীয় চৰকাৰক নিবেদন জনাইছিল কব নোৱাৰিম , কিন্তু সত্যেন্দ্ৰনাথ শৰ্মা,ড° মহেশ্বৰ নেওগ, ড°গোলোক চন্দ্ৰ গোস্বামী, ড° উপেন্দ্ৰনাথ গোস্বামী,ড° বীৰেন্দ্ৰ নাথ দত্তৰ দৰে অসমৰ শ্ৰেষ্ঠ ভাষাবিদ সকলৰ মন-মগজুৱে এইবোৰ কথা ভৱাই নাছিল বা প্ৰয়োজন অনুভৱ কৰা নাছিল।
কেন্দ্ৰীয় চৰকাৰে সদ্দিচ্ছাৰ বাবেই হওক বা ৰাজনৈতিক কাৰণতে হওক অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে ঘোষণা কৰা ভাষাটিক আমি অসমীয়াসকলে ন্যায় দিব পাৰিছোঁ নে ? আমি শুদ্ধকৈ অসমীয়া ভাষা কব বা লিখিব পাৰোঁ নে ? আমি কথা কওঁতে আৰু লিখোঁতে বাৰে পতি ভুল।শিক্ষানুষ্ঠান, চৰকাৰী বা বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান, কাৰ্যালয়, ন্যায়ালয়, বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান আদিত ব্যৱহাৰ কৰা নাম ফলক সমূহত এনেকি টিভি চেনেলৰ পৰ্দাত ভাঁহি থকা মূল বাতৰিত অসংখ্য বানান ভুল চকুত পৰে।
নানা চৰকাৰী আৰু কোম্পানীসমূহৰ বিজ্ঞপ্তি আৰু বিজ্ঞাপনতো একে দুৰ্দশা। আমি কথা পাতোঁতে এটা বাক্যত কমেও দুটা ইংৰাজী শব্দ ব্যৱহাৰ কৰোঁ ।কিছুমান অভিভাৱকে আকৌ ল'ৰা-ছোৱালীবোৰে শুদ্ধকৈ অসমীয়া ভাষা কব নোৱাৰে বুলি গৌৰৱ অনুভৱ কৰে।
মা, দেউতা,পেহা,পেহী,মামা মামী, ককাইদেউ , দদাইদেউ, ককা আইতা আদি অসমীয়া মধুৰ মধুৰ সন্মোধনবাচক শব্দবোৰ ব্যৱহাৰ নকৰি বৰ্তমান অসমীয়া ল'ৰা-ছোৱালীবোৰে মাম্মি,ডেড্ডি, পাপা ,আংকল, আন্টি, গ্ৰেণ্ড পা, গ্ৰেণ্ড মা আদি শব্দ ব্যৱহাৰ কৰি গৌৰৱ অনুভৱ কৰে। আমি প্ৰতি মুহূৰ্তত অজস্ৰ ইংৰাজী শব্দৰ সুন্দৰ সুন্দৰ অসমীয়া প্ৰতিশব্দ থকা স্বত্তেও ইংৰাজী শব্দ ব্যৱহাৰ কৰি নিজকে অত্যাধুনিক বুলি আত্মপৰিচয় দিওঁ। কোনো কাৰণ নোহোৱাকৈ So, but, As , I think ইত্যাদি বাক্যাংশ ঘনাই ঘনাই ব্যৱহাৰ কৰি অসমীয়া ভাষাক বিকৃতিকৰণ কৰি আছোঁ।
গতিকে, অসমীয়া ভাষা আৰু সাহিত্যক ধ্ৰুপদী ভাষাৰ গৰিমা অক্ষুণ্ণ ৰাখিবলৈ হ'লে আমি সকলোৱে অসমীয়া ভাষা আৰু সাহিত্যৰ চৰ্চা অব্যাহত ৰখা উচিত হ'ব।
✍️নাছিৰ আহমেদ
শিমলাবাৰী গোৱালপাৰা ।
ভ্ৰাম্যভাষ :-৯১০১৪৬৫৮০৫
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ