শৰতৰ নিশাবোৰ-দুলাল বৰা

©Admin
0
এই যে শৰতৰ চন্দ্ৰাৱলী ৰাতি 
নিয়ৰবোৰ এটোপ এটোপ কৈ সৰিল
এবোজা নৱ সৃষ্টিৰ সুৰিয়া গোন্ধ লৈ
এই যে সুগন্ধি তাৰ নিভাঁজ 
আলিংগনৰ সাক্ষী আজি 
সৌ গাখীৰতি ধাননী দ'ৰা ।

আহিন তোমাৰ শুভ্ৰ কোলাত
আজি ফুলিল তোমাৰ কন্যা শোৱালি 
যাৰ সান্নিধ্য মাথোঁ এনিশাৰ বাবে 
পুৱাই যেন নিৰস হয় যদিও অমৃত ভূষণ 
দি যায় প্ৰতি পলৰ বাবে ৰোমাঞ্চিত কৰাই।



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)