নাৰী! নাৰীৰ হাততেই হেনো অৰ্ধ আকাশ । সেই আকাশখন কোন খন! যি আকাশৰ তলত নাৰী পদে পদে লজ্জিত, বঞ্চিত, নিৰ্যাতিত সেইখন আকাশেই নেকি? যি আকাশৰ তলত তাই বাস কৰি আহিছে,য'ত এগৰাকী নাৰী জীয়াই থাকিবলৈ জন্মৰে পৰা আৰম্ভ হৈ যায় দেহৰ সৈতে দহৰ সৈতে জীয়াই থকাৰ যুদ্ধ, সুখী কৰাৰ যুদ্ধ। জন্ম দিয়া ঘৰখনতেই এটা সময়ত বোজা হৈ পৰে। যিমান সোনকালেই সম্ভৱ আনৰ ঘৰত পঠিয়াব পাৰিলেই ৰক্ষা! আনৰ ঘৰত যাবলৈও সৃষ্টিকৰ্তাৰ সৃষ্টিতো তুমি নিখুঁত হ'ব লাগিব, নহ'লে নিজৰ মন মগজু বিসৰ্জন দি নৈৰ সোঁতত উটি যোৱা খাগৰি - বিৰিণাৰ দৰে য'ত লাগি ধৰিব তাতেই থিতাপি ল'ব লাগিব। তেনেকৈয়েতো তাই এদিন এইখন ঘৰত ভৰি থৈছিল। আজি অতটা বছৰ পাৰ হ'ল কিমান কি যে সলনি হোৱা নাই তাইৰ জীৱনত ! তাই জানো নিজৰ বাবে জীয়াব পাৰিছে এটা দিন! নাই নাই কি যে ভাবে তাই এইবোৰ। নিজৰ ছোৱালীজনী ডাঙৰ হৈ আহিছে তাইক নিজৰ ভৰিত থিয় হ'ব পৰাকৈ কিবা এটাত যোগ্য কৰি তুলিব লাগিব। ছোৱালীজনীৰ মাজতেই তাইৰ মনৰ তৃষ্ণা আঁতৰাব।
"মা মা ক'ত আছা ?"
কথাবোৰ ভাবি থাকোঁতে কিমান সময় হ'ল তাই গমেই নাপালে। আচলতে এনেকুৱা কথাবোৰ মনত পৰিলে তেওঁ অন্য এক পৃথিৱীত হেৰাই যায়। কত কি যে চিন্তা তাইৰ।সেই তেতিয়াই ছোৱালীজনী লগৰ জুমিৰ সৈতে নৈৰ পাৰলৈ যায় বুলি কৈ গৈছিল এতিয়া আহিয়ে মাত দিছে চাগৈ। তাই পিছফালে বহি থকাৰ পৰা উঠি আহিল।
" মা চা চোন এয়া কি লৈ আহিছোঁ "
"চাওঁ..... কি আনিছা!"
মুনুৱে কোঁচাই অনা ফ্ৰকখন মাকৰ সন্মুখত দাঙি ধৰিলে।তাত চাৰিটা কণী। খৰালি কালত নৈৰ পাৰত ভিন্ ভিন্ প্ৰান্তৰ পৰা পৰিভ্ৰমী চৰাই আহে, তাতেই ৰাজহাঁহে কণী পাৰে। নৈৰ পাৰলৈ যাওঁতে মানুহে সেইবোৰ বিচাৰি আনে। পিছে তাই গৈ কেতিয়াও পোৱা নাই। বৰ বিশেষ আগ্ৰহো নহয় তাইৰ।
" ক'ব পৰা আনিছা ইমান কেইটা ?"
" কিয়? নৈৰ পাৰৰ পৰা।"
:"জুমিক দিছা?"
"অ'তো। তাইৰ লগতেই গৈছিলোঁ । তায়ো লৈছে সমান সমান। "
"ভাল হৈছে। থৈ দে গৈ ৰান্ধি দিম খাবি।"
" জুমিহঁতে জমা কৰি বজাৰত গৈ বিকি দিয়ে। বিকি দিয়া নহ'লে কিবা কিনিব পাৰিম।"
"নালাগে দে,এইকেইটা খাবি। মোহনক খৰি দিছোঁ । গামোচা আৰু দুই এখন হ'লেই কণমাইৰ তাতে দি দিম। তোৰ কিবা লাগিলে ক'বি।"
"কেইদিনমান পাছত মোক এখন বহী লাগিব।"
"হ'ব , হৈ যাব।"
তাই ভিতৰলৈ গ'ল।ছোৱালীৰ চাৰি বছৰ বয়সতে এদিন হঠাতে গিৰিয়েক ঢুকাল। শাহুৱেকৰ পিছত গিৰিয়েকক হেৰোৱাই তাই ভাগি পৰিছিল । অকলে তাই কি কৰিব কেনেকৈ চলিব! যদিও কেও কোনো নোহোৱা তাই ভাগি পৰিলে যে নহ'ব তাই ভালকৈ জানিছিল। ছোৱালীজনী ডাঙৰ কৰিব লাগিব। তাইৰ এটা সপোন আছে। জী উঠিছিল আকৌ। তাই পাৰিব লাগিব। এতিয়ালৈ এনেকৈয়ে ইটো-সিটোৰে চলি আছে। ঘৰখন বুলিবলৈ কি আছে এখন সৰু ঘৰ, সন্মুখত সৰু চোতালৰ লগতে এখন বাৰী,পিছফালে কৈইজোপা মান গছ । গছ বোৰ তাই নিজেই ৰোৱা। গিৰিয়েকৰ দিনৰে ঘৰখন তেনেকৈয়ে আছে। কাষৰীয়া মানুহৰ লগত বৰ এটা বেয়া নহয়। জন্ম দিয়া ঘৰখনত মাক-দেউতাক নোহোৱা হোৱাৰ পিছত যি নিৰ্যাতন সহ্য কৰিব লগা হৈছিল তাতকৈ এতিয়া তাই এনেকৈয়ে ভাল আছে। ক'ত দিন হৈ গ'ল সিহঁতে জানো তাইৰ খবৰ লৈছে! একো নাই তাই মৰি যোৱা নাই।
"মাই..."
"হেই!"
"অথনি জুমিৰ মাকে মাতিছিল......"
"অ' হয় , কিয় বা মাতিল! যাওঁ মই ।"
কি যে হৈছে তাইৰ আজিকালি। য'তে ত'তে যি টি কথা ভাবি থাকে। কোনোবাই মাত নিদিলে ক'ত কিমান সময় ভাবুক হৈ থাকে গমেই নাপায়। জুমিহঁতৰ ঘৰৰ সৈতে তাইৰ অলপ বেছিয়ে ভাল । সিহঁতেও আপদ-বিপদত তাইক লগ দিয়ে। দুই তিনিঘৰ পাৰ হৈ সিহঁতৰ পদূলিমুখতে মাত দি সোমাই গ'ল।
"বাইদেউ! মাতিছিল?"
"অ' অ' আহ চোন ভিতৰলৈ। অথনিয়ে মাতিলো তই চাগে কিবা কৰি আছিলি।"
"নাই বাইদেউ এনেই অলপ কিবা কিবি।"
"তোক খবৰটো দিওঁ বুলি মাতিলো। ঘৰলৈ মাতি অনা বাবে বেয়া নাপাবি।"
"হ'ব বাইদেউ আপোনাৰ ককালৰ বিষ লৈ ইমানকৈ ফুৰা-চকা নকৰিব। মাতি ভালেই কৰিলে মই এনেও আহিলোঁ হয়।"
"হয় অ', ককালৰ বিষটো নেৰাই হৈছে।"
"কওঁকচোন কি কাৰণে মাতিছিল?"
"আমাৰ এই আৰু মুনুৱে এমাহ আগতে যে স্কুলত বৃত্তি পৰীক্ষা দিছিল তাৰেই ৰিজাল্ট আহিছে হেনো। বজাৰত লগ পাই মাষ্টৰে এওঁক লগালে ।"
"বৰ ভাল কথা বাইদেউ। পিছে ইহঁতৰ বা কেনে হ'ল।"
"ভাল বুলিয়ে কৈছে বোলে। কাইলৈ স্কুলতে ভালদৰে ক'ব। পাৰ যদি গৈ আহিবি। মোৰতো দেখিছাই।"
"হয়,ঠিক আছে বাইদেউ। খবৰ টো শুনি ভাল লাগিল।"
"হয়। ইহঁতক আৰু ভালকৈ পঢ়োৱাব লাগিব।"
"অ' চেষ্টা কৰি আছোঁ। ভাল হ'লেই ভাল। পিছে এতিয়া গৈ থাকোঁ দিয়ক।"
"আহিলি হে, অলপ বহ...."
"নাই বাইদেউ সন্ধিয়া লাগিবই গৈ থাকোঁ এতিয়া। কাম অলপ এৰি থৈ আহিছো"
কথাখিনি কৈ তাই ওলাই আহিল। হয় মুনুৰ ৰিজাল্ট ভাল হওক। আৰু হ'বৈ বিশ্বাস আছে। অষ্টম শ্ৰেণীলৈ পঢ়া তাইৰ খুব ইচ্ছা আছিল ভালদৰে পঢ়া শুনা কৰাৰ। পিছে সেয়া আৰু নহ'ল । জীৱনটোত কত ধুমুহা পাৰ হৈ গ'ল, কত থেকেচা- মেকেচা খাই খাই জীৱনৰ আজি এইখিনি পাইছে। নিজৰ আধৰুৱা সপোন বোৰ পূৰণ কৰিব, মুনুক ভালকৈ পঢ়োৱাব। তাৰ বাবে যিখিনি কৰিব লাগে তাই দেহে- কেহে কৰিব। নাৰী শক্তিৰ বিকাশ হওক, সেয়া তাৰ পৰাই হওক । এনেকৈ, এনেকৈয়ে এদিন সপোন সূৰুযমুখী হৈ ফুলিব, হাঁহিব। যামিনীৰ সপোনে এদিন আকাশ চুব, পোহৰ বিলাব। কথাবোৰ ভাবি তাই ঘৰলৈ খৰকৈ খোজ দিলে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ