নিজে জ্বলি জ্বলি
আমাক খাদ্যৰ সোৱাদ দিয়ে,
তেনেদৰেই দেউতায়ো
নিজে জ্বলি জ্বলি
আমাৰ প্ৰয়োজন পুৰাই।
দিনৰ দিনটো কষ্ট কৰি
ৰঙীন কাপোৰ পিন্ধাই
পুৱা, গধুলি আৰু
দুপৰীয়াৰ খাদ্য যোগায়।
প্ৰয়োজন পূৰ কৰে আৰু
জীৱন গঢ়াৰ প্ৰেৰণা যোগায়।
নিজে পানী খাই
আমাক গাখীৰ খুৱাই,
দিনটো কষ্ট কৰি টকা গোটেই।
নিজৰ স্বাস্থ্য নষ্ট কৰি
আমাৰ সুস্বাস্থ্য গঢ়ে।
সেয়েহে,
দেউতা মোৰ ভগৱান স্বৰূপ
দেউতাৰ অবিহনে
জীয়াই থকাৰ কথা
ভবাটো অসম্ভৱ।
প্ৰতিজন দেউতাকে
সন্তানৰ ভৱিষ্যত গঢ়াত
এক অনবদ্য ভূমিকা পালন কৰে।
✍️বিদ্যুৎ গগৈ
কদম নভঙ্গনীয়া গাওঁ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ