২৮ নৱেম্বৰ হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩৩২তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -
১/ আজিৰ দিনটোতে ১৯৯০ চনত অসমত চতুৰ্থবাৰলৈ ৰাষ্ট্ৰপতি শাসন বলবৎ।
২/ আজিৰ দিনটোতে
১৮২০ চনত জাৰ্মান দাৰ্শনিক, সমাজ বিজ্ঞানী, সাংবাদিক আৰু ব্যৱসায়ী ফ্ৰিড্ৰিচ এংগেল্ছৰ জন্ম হৈছিল।
৩/ আজিৰ দিনটোতে ১৮৬৭ চনত অসমীয়া সাহিত্য জগতত “প্ৰতিমাৰ খনিকৰ” নামে খ্যাত ৰোমাণ্টিকতাবাদৰ সূচনা কৰা সাহিত্যিক চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হৈছিল।
৪/ আজিৰ দিনটোতে ১৯১৪ চনত অসমীয়া ঔপন্যাসিক, গল্পকাৰ, কবি, নাট্যকাৰ আৰু অনুবাদক উমাকান্ত শৰ্মাৰ জন্ম হৈছিল।
৫/ আজিৰ দিনটোতে
১৯৬০ চনত আমেৰিকান ঔপন্যাসিক, গল্পকাৰ আৰু কবি ৰিছাৰ্ড ৰাইটৰ মৃত্যু হৈছিল।
৬/ আজিৰ দিনটোতে ১৯৬২ চনত ভাৰতীয় গীতিকাৰ, গায়ক তথা অভিনেতা -কে. চি. দেৰ মৃত্যু হৈছিল।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ