মই যাম
তুমি কেনেকৈ কবিতা পাঠ কৰা
মই শুনিম।
মই আবৃত্তি কৰিব পৰা হ'লে
তোমাৰ এটা এটাকৈ কবিতা
আবৃত্তি কৰিলোঁ হেঁতেন
আৰু তোমাৰ কবিতা কথা ছবিৰ দৰে
সকলোৱেই মুখস্থ কৰিলে হেঁতেন।
পিছে মই নাজানো
কেনেকৈ নো আবৃত্তি কৰে
মই বুজিও নাপাওঁ
তোমাৰ কবিতাৰ সুৰ
আনে কেনেকৈ বুজি পাব
বিশ্লেষণ আৰু সমালোচনা নকৰিলে।
নাজানো, সঁচাকৈয়ে নুবুজো একোৱেই
মাত্ৰ আশা কৰিছিলোঁ
যদি মই আবৃত্তিকাৰ হ'লোঁ হেঁতেন
ইমুৰৰ পৰা সিমূৰলৈ ছটিয়াই দিলোঁহেঁতেন
তোমাৰ কলমৰ চিয়াঁহীৰ পৰশত
সৃষ্টি হোৱা প্ৰতিটো শব্দ
মোৰ ওঁঠৰ পৰা নিগৰি গ'ল হেঁতেন
আৰু পাঠক, দৰ্শকৰ হাতৰ চাপৰি
শুনিবলৈ পালোঁ হেঁতেন।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ