মদ আৰু ধোঁৱাৰ ।
নিজক পাহৰি যাবলৈ নিতৌ পান কৰোঁ
অকাল মৃত্যু ৰূপী নিচাক ।
কি কৰিম কোৱা?
সাহসৰ অভাৱ, দেহটো অসীম শক্তিৰ বাৰুকৈয়ে অভাৱ ।
মদ্যপান কৰোঁ মই স্মৃতি পাহৰিবলৈ,
চকুৰে অস্পষ্ট দেখিলেই শুই পৰো নিচাত ।
খলা বমা ৰাস্তা আজি যেন মসৃন মাতাল ৰাগীত
জীৱনৰ গতি পথ যদিওঁ বা মোৰ কণ্টকময়
নিচাত ডুবি নিজক ফাঁকি দিব পাৰোঁ ..
তাতোকৈও ভাল জানা দুখৰ স্মৃতি পাহৰি কৰবাত পৰি ৰবলৈ।
সেয়ে হয়তো মই প্ৰেমিক আজি নিচাৰ
অন্ততঃ ই মোৰ একেবাৰেই নিজৰ, আপোন সংগী
কেঁকোৰা দৰে বুকু খনি খুলি খুলি খাইছে
বেয়াকৈ আজি সোণালী ভৰ যৌৱনতে
ৰঘুমলাই আৱৰি ধৰা নিচিনা কৈ নিচায়ে ধৰিছে বেৰি।
*বিপথগামী সমাজৰ নতুন জনক
মৃত্যুমুখী জীৱনৰ কথা পাহৰাই
সুখ আৰু হাঁহি বিলাই নিজকে বচাই
বস্তুবাদী ভাল পোৱাৰ পৰা নিলগত ৰখাই
জীৱনক ভাল পাবলৈ শিকা তুমিও আজি।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ