ভৱিষ্যত গঢ়াৰ সচাঁ উপায়,
মনোৰঞ্জনৰ হাঁহি -ধেমালি,
এক শক্তিশালী সম্পদ।
কিতাপে গভীৰ চিন্তা কৰিবলৈ শিকায়
আৰু সেই চিন্তাই মানুহক
কাম কৰাৰ প্ৰেৰণা যোগায়,
পৰিশ্ৰম কৰিবলৈ শিকায়
আৰু সফলতাৰ বাট দেখায়।
কিতাপে এক শক্তিশালী মন গঢ়ি তোলে ,
আৰু জীৱনলৈ, কেতিয়াও অন্ত নপৰা
ভৱিষ্যতৰ পোহৰ নমাই আনে।
কিতাপে জীৱনত সফলতাৰ সৃষ্টি কৰে,
কিতাপক লক্ষ্য কৰি আগুৱাই গ'লেহে
সফলতাৰ জ্বলন্ত বাট দেখে।
কিতাপক সকলোতকৈ আগত ৰাখি
জ্ঞান অৰ্জন কৰিলে
সফল নোহোৱাৰ কোনো প্ৰশ্নই নুঠে।
কিতাপে এক সৃষ্টিশীল মন গঢ়ি তোলে,
কিতাপতকৈ শ্ৰেষ্ঠ সম্পদ
হয়তো এই পৃথিৱীত নোলাব কেতিয়াও,
সফলতাৰ প্ৰধান উৎস হ'ল কিতাপ।
সেয়েহে কিতাপ মোৰ তেজ
সাহিত্য মোৰ বিধাতা
জাতি মোৰ মঙহ
অসম মোৰ প্ৰাণ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ