বৰ্তমানৰ লগত খোজত খোজ মিলাই আগুৱাব পাৰিছোনে?
পাইছেনে নিজৰ ভাললগা বোৰে প্ৰাধান্য?
মাথোঁ ৰৈ গৈছে কিছু প্ৰশ্ন।
সঁচাকৈ
এতিয়াৰ চাওমিন, বাৰ্গাৰত আছে নেকি সেই ১টকীয়া খোলা চানা আৰু টেঙা মৰ্টনৰ সোৱাদ?
আছে নেকি স্কুলৰ পৰা আহি নাকে মুখে দুটিমান গুজি খেলিবলৈ দৌৰাৰ সমান সুখ?
নতুন প্ৰজন্ম জানো এই সৰু সৰু সুখবোৰৰ পৰা বঞ্চিত হোৱা নাই?
সঁচাকৈ
আগৰ দৰে লগ বন্ধুৰ হৈতে খোলাকৈ কথা পতাৰ অভ্যাসবোৰ কেনি গ'ল?
পাৰিছে নেকি ম'বাইল নামৰ যন্ত্ৰটিয়ে এই সকলোঁবোৰ প্ৰয়োজন পূৰাব?
কিয় মনুষ্য কিয় হেৰুৱাইছে নিজক?
ইমান আত্মকেন্দ্ৰিক কিয় হৈ পৰিল?
হয়টো তেতিয়া অত্যাধুনিক সা-সুবিধাবোৰ নাছিল!
কিন্তু সুখবোৰ নিৰ্ভেজাল আছিল।
হাঁহিবোৰ প্ৰকৃত আছিল ।
ধন্যবাদ অতীত বহুত দিলা,
বৰ্তমানক সকলোঁ উভতালো।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ