অনুভৱ -লক্ষীমা তেলী

©Admin
0
অনুভৱবোৰ সপোনৰ দৰে গভীৰ
হিমালয়ৰ দৰে গহীন 
মোৰ অনুভৱে খেপিয়াই ফুৰিছে
তোমাৰ ঠিকনা।
নিয়ৰসনা ৰাতিৰ শেষত
ফুটুকীয়া কামিজ পিন্ধা প্ৰতিটো পুৱা
তুমি আহিবা বুলি মই ভাবোঁ
অনাগত দিনবোৰত 
সংকল্প ল'মনে আমি
দুখবোৰ পাহৰি 
আশাবোৰ উপচাই 
দলিয়াই পেলাই থৈ যাম 
খং,হিংসা,ধ্বংস 
আমি শব্দবোৰ। 
তুমি হেৰাই গ'লা নেকি?
মই ভাবোঁ তুমি আহিবা 
তোমাৰ দীপ্ত খোজৰ ধ্বনিত
কঁপি উঠিছে মোৰ অনুভৱ। 
          
  ✍️লক্ষীমা তেলী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)