আপোনাৰো প্ৰিয় নেকি বাৰু?
এই যে ভাৰাক্ৰান্ত মন এটা লৈ
বিছনা বাগৰি ছটফটাই থাকে?
ৰাতি টো বোলে একেবাৰে নিজৰ
বুকুৰ আপোন সময়
অৱসাদ ভাগৰ চিন্তা হেঁচা মাৰি ধৰা উপযুক্ত সময়
নিজকে নিজৰ মাজত বিচৰাৰ সময়।।
আমিটো যন্ত্ৰ নহয় ভাগৰ লাগিলেও
ভালে থাকিবলৈ শিকোঁ সময়ৰ লগত
ক'লা এন্ধাৰৰ মাজত নিজক বিলীন কৰি
সেইয়া যে নিজক জোখাৰ সময়।।
দিনৰ শেষত আপোনজনক বিচাৰি
মনৰ কথা কোৱাৰ সময়!!
নিষ্ঠুৰ সময়ৰ আহ্বান মানি
আগুৱাই যোৱাৰ সময়।
আপোনাৰ বাৰু প্ৰিয় নে উজাগৰী নিশা??
কেতিয়াবা নিজান ৰাতি আকাশ খনলৈ
এপলক চকু ফুৰাই চাইছেনে?
ভাবিছে নেকি আপোনাক উপহাস কৰিছে বুলি?
নিশা গভীৰ অমানিশা গুচাই
সাঁজৰ তৰাটিয়েও পোহৰ বিলাই।
সোণৰ দৰে জিলিকব নালাগে
নদীৰ দৰে বই যাব হিয়া জুৰি।।
নিজৰ মাজত ভগাই লওঁ নিজৰে সময়
আপোন বুলি ভবা বিলাক
জানো সঁচাকৈ আপোন কোনোবা?
মৰুভূমি মাজত মৰীচিকা খেদি
আছে জানো কিবা লাভা- লাভ??
বহুতৰ মাজত নিজক পৃথক কৰি
ভাবিব চোন এবাৰ আপুনিও
উজাগৰী ৰাতিটো আপোনাৰো
মোৰ দৰেই প্ৰিয় যেন লাগিব
বিচাৰি পাব হেৰুৱা জীৱনৰ আঁত।।
✍️অৰ্ণৱ কটকী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ