মোৰ কলিজাত কপনি উঠে
মই হেনো ভীতো৷
তোমাৰ পাগল!
জোখতকৈ বেছি
ভালপায় পেলাইছোঁ বোলে৷
কিন্তু নহয়
এই বিশাল ধৰাৰ বুকুত মই আছোঁ৷
তোমাক নিস্বাৰ্থভাৱে ভালপাবলৈ,
তোমাৰ ভাল বন্ধু হ’বলৈ৷
প্ৰয়োজনত তোমাৰ কাৰণে
জীৱন দিবলৈ৷
এয়া মোৰ অনুভৱ!
তোমাক লৈ
কোনো সপোন দেখা নাই
মই নিৰ্ভিক শুভ্ৰৰ
মাজে মাজে পৃথিৱীৰ চেঁচা গুলিবোৰ
পাৰ হৈ সাতোখন জগত চলাথ কৰি
ধৰ্মৰাজকো সুধি আহিছোঁ৷
তুমি মোৰ নহয় প্ৰেয়সী!
নাভাবিবা মই স্বাৰ্থলোভী,
বন্ধু হিচাপে ল’বা মোক ভাবি৷
স্বাৰ্থ নেদেখো মই তোমাৰ আগত৷
কৈ থওঁ তোমাক মই আত্মবিশ্বাসীয়ে
মই ভালপাওঁ তোমাক বন্ধুৰ দৰে
নাভাবিবা মোৰ প্ৰেয়সী হ’বলে ৷
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ