কবিৰ বতৰা- বিৰাজ বল্লভ নাথ

©Admin
0
যাতন নিদিবা তুমি কবিৰ অন্তৰক,
জানাইটো আলসুৱা তোমাৰ কবিৰ অন্তৰ ।

তুমি জানো সুধিবা কবিৰ মনৰ কথা,
তুমি জানো বুজিবা কবিৰ হৃদয়ৰ বতৰা ।

এতিয়া বিলীন কবি কবিতাৰ সৃষ্টিত,
নহয় ই কাল্পনিক, ই সহস্ৰাংশই বাস্তৱিক ।

কবিৰ হৃদয় আজি পুণ্য তপোবন,
ফুলিছে সুগন্ধি ফুল মন যে চঞ্চল ।

বিলীন কবি আজি ভক্তি পথত,
সাতো তীৰ্থৰ ৰস নামে হৃদয় মন্দিৰত ।

প্ৰেম গীত বয় আজি কবিৰ হৃদয়ত,
দিয়া প্ৰিয়ে এষাৰি মাত অতি মৰমৰ ।

কবি যে সাঁতোৰবিদ আজি হৃদয় সাগৰৰ,
দিয়া প্ৰিয়ে সহায়ৰ হাত সাগৰৰ মধ্যত ।

এতিয়া কবিৰ প্ৰাণ স্বৰ্গৰ হয়
স্বৰ্গত ফুলা ফুলক পাৰিজাত কয়
আৰু সেই পাৰিজাত তুমিয়েইটো হয় ।

অন্তিম ক্ষণত দিয়া এষাৰি মাত প্ৰিয়ে
সময়ৰ বলুকাৰাশিত কবিৰ অন্তৰ পৰিব শাত ।

তুমিয়েই প্ৰাণৰ প্ৰাণ মোৰ,
তুমি বিনে নাই আন কোনো মোৰ ।

তোমাৰ প্ৰেমত মগ্ন ক্ষুদ্ৰ পুখুৰীত
ফুলিছে পদুম ফুল ক্ষুদ্ৰ এপাহি ।

সিৰে সিৰে, তেজে তেজে বয় তোমাৰ নাম 
প্ৰতিটো অণু-পৰমাণুত শুনো তোমাৰ জয়গান ।
 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)