শাৰদীৰ কোমল পৰশ
হৃদয়খন এতিয়াও এন্ধাৰত
সপোনৰ পিছত দৌৰি
জীৱনটোৱে ঠেকা খাই
শিকিবলৈ আৰম্ভ কৰিছে
মুকুলৰ আদিপাঠ
লক্ষ্যৰ অভিমুখে যাব পৰা
সেই মনটোক
এজন কাপুৰুষে হত্যা কৰিছে
যৌৱনৰ বতাহজাকে
নাই পোৱা খবৰ ।
কাতিৰ সন্ধিয়া জ্বলোৱা চাকিটিৰ পোহৰে
জিলিকাব লুইতৰ আকাশ,
আশাৰ নৈখনে বোৱাই আনিব
অজস্ৰজনৰ চোতালত
শান্তিৰ মিঠা সমীৰণ
গাভৰু পথাৰখনৰ সোণালী ৰঙে
সোণোৱালী কৰিব মন ।
কাতিৰ এই তুলসীজোপাত তাই
চাকি জ্বলোৱা নাই
হৃদয়ত জ্বলি থকা জুই
এতিয়াও নুমুওৱা নাই ঝ
ভৰপক যৌৱনৰ দেহত
অন্যায়ৰ উত্তাপে ইমানেই
ধৰাশায়ী কৰিছে
ন্যায়ৰ বাবে অপেক্ষা কৰি
কাতি বিহুৰ দিনা মৃত্যুৰ প্ৰাৰ্থনা হে কৰিছে।
✍️ৱাহিদ আহমেদ
কাটাৰ, ডোহা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ