শ্ৰদ্ধাঞ্জলি সুধাকণ্ঠলৈ-ৰাতুল চেতিয়া ফুকন

©Admin
0
গানৰ দুৱাৰ খন তুমিয়েই খুলি দিলা
সুৰবোৰ বৈ আহিল ।
লুইতৰ দুয়োপাৰ 
সুৰেৰে উপচি পৰিল ।
তোমাৰ উশাহবোৰ আমাৰ উশাহ হ'ল
তোমাৰ কণ্ঠৰ
সু শুভিত প্ৰতিটো শব্দই 
জাতিৰ প্ৰেৰণা হ'ল ।
লক্ষ্মীনাথৰ পৰা ৰবচনলৈ
সান্নিধ্যৰে মহীয়ান
তুমি যাযাবৰ
লুইতৰ পৰা গংগা হৈ ভল্গালৈ
সাগৰ সংগমত তুমি 
কতনা সাঁতুৰিলা
জনতাৰ শিল্পী সুধাকণ্ঠ
তোমাক প্ৰণাম ।

     

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)