চৰিত্ৰসমূহ :-
——————————
১/ মুখ্য চৰিত্ৰ: মহাজন জমিদাৰ প্ৰকাশজ্যোতি গৌৰৱ চলিহা।
২/ মুষ্টি আৰু ৰঞ্জিত জমিদাৰৰ পালি।
৩/ পংকজ: বিপ্লৱী যুৱক,
প্ৰাঞ্জল: বিপ্লৱী যুৱক।
৪/ মীনাক্ষী: সচেতন যুৱতী,
পল্লবী: সচেতন যুৱতী,
জাহ্নৱী: সচেতন যুৱতী।
৫/ ক,খ,গ অন্যান্য।।
(২০২২ চনৰ ১৭জানুৱাৰী শিল্পী দিৱসৰ প্ৰাঙ্গনত মঞ্চস্থ কৰা হয়) ।।
(পট উঠাৰ লগে লগে জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ "লুইতৰ পাৰৰে আমি ডেকা ল'ৰা " গীতটি বিপ্লৱী যুৱকৰ উদাত্ব কণ্ঠত ভাহি আহিব। গীতটি সামৰাৰ লগে লগে "এজনে জয় আই অসম "আহৈ আহ ওলাই আহ , খেদ ঐ খেদ দুষ্কৃতিক খেদ আৰু ইয়াৰ মাজে মাজে গীত, কবিতা শ্লোগান চলি থাকিব, অবিৰত ভাবে আন্দোলন চলি থাকিব, মাজে মাজে কথা ) ।।
পংকজ: ভাইহঁত ঐ তহঁত সাৰে আছনে,,,,? সাৰে আছোঁ আমি আৰু সাৰে আছে জনগণ। দেশ যায় যায়,জাতি যায় যায়,ভাষা যায় যায়, আহৈ আহ ওলায় আহ খেদ ঐ খেদ দুস্কৃতিক খেদ।
প্ৰাঞ্জল: (সকলোৱে একেলগে) জয় আই অসম,৩//
ৰাভাদেৱৰ __ হে বিপ্লবী বীৰ অধিনায়ক হে
দিয়া অগ্নি বাণী বিপ্লৱৰ
ভাঙা বন্দী শাল কৌটি কালৰ
মুক্তি হওঁক নিৰ্যাতিতৰ।
তৱ দিপ্ত অনুৰাগে
নিদ্ৰা আচম্বিত জাগে
জাগে জাগে
জাগে নিপীড়িত দল জগতৰ। তৱ শুভ আগমনে জ্বলে ৰক্ত ভানু নভ-ভালে
দোলে উৰি দোলে
ৰাঙলী পতাকা পীড়িতৰ
দলিতৰ।।
মীনাক্ষী: সৌ তাহানিতে ভূপেন হাজৰিকা দেৱে গাই যোৱা, আজিৰ অসমীয়াই সংগ্ৰাম নকৰিলে অসম ৰসাতলে যাব, আজিৰ অসমীয়াই নিজক নবচালে অসমতে ভগনীয়া হব আজিৰ অসমীয়াই নিজক নিচিনিলে অসমতে মগনিয়া হব বোলা কথাষাৰো সময় সমাগত হব,,,।
জাহ্নৱী: ভাইহত ঐ, আজিকালি মানৱতা বুলি কোৱা বস্তুটো নোহোৱাই হ'ল নেকি,,,?
ভাইহঁত ঐ আমি একে তেজ মঙহৰেই মানুহ। আমাৰ মাজতনো কিহৰ বৰ্ণবিদ্বেষ, নিজৰ মাজতেই মিল নাই,,,।
পল্লবী:- ভাইহত ঐ, আজি কালি সমাজখন মানৱতাহীন দুৰ্নীতি পৰায়ণ স্বাৰ্থলোভি, ভাইহত ঐ, আজি কালি সমাজখন এনেকুয়াই দুৰ্নিবাৰ, সমাজখন ৰসাতলে গ'ল ।।
পংকজ: দুৰ্নীতি, অনাচাৰ, অনিয়মৰ বিষয়ে জানিও এইবোৰৰ বিৰূদ্ধে কিয় আজি নিমাত জনতা।
হেৰৌ স্বভিমানী খিলঞ্জীয়া ভাইহত, তহতে শুনা নাই, দেখা নাই, দুৰ্নীতি পৰায়ণ স্বাৰ্থলোভি লোকে নিঃস্বাৰ্থ দেশপ্ৰেমিকৰ উপৰত বৰ্বৰ অত্যাচাৰ উৎপীড়ন চলাই।
মীনাক্ষী: এয়াই নেকি সৌ তাহানিতে আঠুমুৰিয়া নঙঠা ফকীৰে পাতি থৈ যোৱা ৰাম-ৰাজ্য ।
পল্লবী:- স্বাধীন চেতিয়া হালোৱা ডেকা ৰণুৱা
পঞ্চায়তি যুগৰ ন মনেৰে মনুৱা,
যুঁজিব সমৰত লগৰীয়া বনুৱা ।।
চিনি ল'চোন কোন শতৰু লুকাই আঁৰত তোৰ,
ভাঙ ৰঘুমলা তেজ-পিয়া কুৱেৰৰ মূৰ,
জীৱন ভৰি নপৰিব তোৰ দুখৰ ওৰ
যিমান দিন বাছি থাকিব ধনৰ খকুৱা।।
বাৰে বাৰে জাতিৰ নামত চুৰি ডকাইতিৰ খেল
বজ্জাতৰ দল পাতে নানা জলিয়াতি মেল।
আগবাঢ়ি ব'ল ভাঙি-চিঙি জুলুম-বাজীৰ জাল,
নকৰিবি ভয়, ব'ল এই শোষণবাদীৰ কাল,
নতুন যুগৰ, নতুন ভাৱৰ নতুন ৰণৰ মালহ্ল
আগুৱাই যা আগবাঢ়ি ব'ল আগবাঢ় দুখীয়া।।
মীনাক্ষী:- হেৰৌ স্বভিমানি খিলঞ্জীয়া ভাইহত, মনত পৰেনে সৌ তাহানিতে দোমোজাৰ কবি দেৱকান্ত বৰুৱাদেৱে গাই যোৱা,___" লাচিত ফুকন" কবিতাটি।।
অসমৰ এই কাম্যভূমিত' চৰিছে গাধৰ পাল,
বোজা বই বই পৰিল ককাঁল
পিঠিৰ ছিগিল ছাল।
তেঁওটো অকণো কানসাৰ নাই,
কত যে ৰঙেৰে চৰে,
এমুঠি দানাৰ কাৰণে সকলো
প্ৰভুৰ পিছত লৰে।
প্ৰভূৰ কাষত কামৰ মূল্য,
চৰ-ভুকু, কিল, পায়,
তাতো যে সৱেও পায় আনন্দ,
নিৰুপায়! নিৰুপায়!
হায় সময়ৰ সোঁত,
সিংহৰ হ'ল সন্তান গাধ
অদ্ভূদ! অদ্ভূদ!
পংকজ:- ভাইহত ঐ, জাতিৰ নামত, ধৰ্মৰ নামত , ভাষাৰ নামত মানুহক ভাগ ভাগ কৰি শোষণৰ বাট মুকলি কৰাই হৈছে দালাল ৰূপী মানুহৰ মুখ্য কাম।
প্ৰাঞ্জল: আজি "সান্ধ্য আইন" জাৰি কৰা হৈছে, ৰাস্তাত টায়াৰ জ্বলাই হাজাৰ হাজাৰ জনতাই প্ৰতিবাদ কৰিছে, ঘোষণা কৰিছে ৪৮ ঘণ্টীয়া চকা বন্ধ।
ভাইহত ঐ আহা আমি এক গোট হওঁ, চূৰ্ণ হওঁক, দৰ্প ধনীৰ পণ আমাৰ।।
বিষ্ণু ৰাভাৰ ___ ভাঙ ভাঙ ভাঙ ভাঙ,,,---
লোহাৰ শিকলি ভাঙ
ছিঙ ছিঙ ছিঙ ছিঙ
দাসৰ বান্ধোন ছিঙ
খোল খোল খোল খোল কাৰাৰ ফাটক খোল।
ভাঙ ভাঙ দুৱাৰৰ দাং।
শুন সৌৱা শুন শুন
ঘেৰিছে ৰণ- বিষাণ
মুক্ত আকাশে উৰে
দীপ্ত ৰঙা নিচান
ৰক্তৰে ৰঞ্জিত সূৰুয উদীয়মান
শুন মুকুতিৰ তুৰ্য্যৰ আহ্বান -
মুক্তিমান-মুক্তিমান-মুক্তিমান।।
পংকজ:- (সকলোৱে একেলগে) "জয় আই অসম "
ইয়াৰ লগে লগে ৰাভাদেৱৰ _____
দুখীয়াৰ কলিজা নিঙাৰী লৱ,
তেজ শুহি শুহি পিৱ;
ৰুকি ৰুকি মঙহ চোবাই খাৱ,
কুৰুকি হাড় কেইডালো চুবাৱ;
-- হুচিয়াৰ! হুচিয়াৰ!!!
ধনী! মহাজন!!জমিদাৰ !!!
হুচিয়াৰ! হুচিয়াৰ
বিপ্লৱৰ পথে যাত্ৰী আমি
সৰৱহাৰাৰে মুক্তি কামী
চূণ কৰিম আমি সংগ্ৰামী
দৰ্প ধনীৰ, পণ আমাৰ!
হুচিয়াৰ! ---হুচিয়াৰ!!!
ধনী!মহাজন!!জমিদাৰ!!!
শেষ যোদ্ধাৰ আমি ৰণুৱা
পৃথিৱীৰ হালোৱা বনুৱা
হ'ম বিজয়ী আমি দুখীয়া!
ক'ত ৰবি ধনী এইবাৰ?
হুচিয়াৰ!.........…. হুচিয়াৰ!!!
ধনী! মহাজন!! জমিদাৰ!!!
হুচিয়াৰ! হুচিয়াৰ!!!
(সকলোৱে একেলগে জয় আই অসম ৩//
ধনী! মহাজন!! জমিদাৰ !!! হুচিয়াৰ!- হুচিয়াৰ !!)
( আনফালে চলিহা উদাত্ব কণ্ঠত,,,,,)
চলিহা: মুষ্টি, ঐ ৰঞ্জিত বাহিৰত সৌবোৰ কি দেখিছ' ,,,,?
মুষ্টি: চাহাব আপুনি কি কৈছে, বুজিব পৰা নাই চাহাব।
ৰঞ্জিত: হয় চাহাব বুজা নাই চাহাব।
চলিহা: দেখা নাই তহতে, চুৰৰ বাৎসাহতে ৰাস্তাত টায়াৰ জ্বলাই আন্দোলন কৰে,, সান্ধ্য আইন জাৰি কৰে ৪৮ ঘণ্টীয়া চকা বন্ধ, মহাজন জমিদাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে, সিহঁতে নাজানে নেকি,,,? এই অঞ্চলৰ বিখ্যাত কৰ'পতি মানুহ মহাজন জমিদাৰ প্ৰকাশজ্যোতি গৌৰৱ চলিহা।
মুষ্টি: হয় চাহাব! জানে চাহাব।।
চলিহা: তেতিয়াহলে সিহঁতে এইবোৰ কিয় কৰে,,,?
মুষ্টি: আজিকালি সিহঁতে চাহাবক সন্মান নকৰে বোলে, সিহঁত এতিয়া আন্দোলন প্ৰেমী, এতিয়া সিহঁতে আপোনাক বিদ্ৰোহ কৰে, ঘৃণা কৰে।।
চলিহা: এই মুষ্টি, চাল্লা চুৰৰ বাৎসাহতে সঁচাই বিদ্ৰোহ কৰে। সিহঁতে নাজানে নেকি ?
ইচ্ছা কৰিলে প্ৰকাশজ্যোতি গৌৰৱ চলিহাই বহু কিবা-কিবি কৰি দিব পাৰে।।
ৰঞ্জিত: জানে চাহাব, আজিকালি চাহাবক সিহঁতে ভয় নকৰে বোলে, বৰঞ্চ আপোনাক দেখিলে বিদ্ৰোহে কৰিব।।
চলিহা: তাৰ মানে তই কি কব বিচাৰিছ' ?,,,,,
ৰঞ্জিত: আপোনাৰ সময় আহিল, এতিয়া আপোনাক ৰাস্তাই-ঘাটে য'তে পাই ত'তে সিহঁতে এক্সন কৰিব।।
চলিহা: তাৰ মানে?,,,,,
ৰঞ্জিত: আপুনি অতদিনে নিৰীহ প্ৰজাক যিমানবোৰ লঘূ লাঞ্জনা খুৱালে, তাৰ ফল ভুগিব লাগিব।।
মুষ্টি: হয় চাহাব,আপোনাৰ নামত ক'ত কি হোৱা নাই ,,? নাৰী ধৰ্ষণ, নাৰী নিৰ্যাতন, নাৰী অপহৰণ, এইবোৰৰ বাহিৰেও আপুনি নিৰীহ প্ৰজাক জধে-মধে বাত বিচাৰ নকৰাকৈ অত্যাচাৰ উৎপীড়ন চলাইছিল, তাৰ ফল ভুগিব লাগিব আপুনি।
চলিহা: তাৰ মানে, তহতে মোক গা এৰা দিব বিচাৰিছ কৌৰৱৰ চাউল খায় পাণ্ডৱৰ পক্ষ লৱ বিচাৰিছ ?
নোৱাৰিবি নোৱাৰিবি তহঁতে, মোৰ ঋণ পৰিশোধ নকৰালৈকে কলৈকো যাব নোৱাৰিবি,,,,?
ৰঞ্জিত: এই চাহাব, আচলতে আপোনাৰ পাপৰ বোজা বাহিল, অত দিনে নিৰীহ প্ৰজাৰ ওপৰত বৰ্বৰ অত্যাচাৰ উৎপীড়ন চলোৱা আজি তাৰ ফল ভুগিব লাগিব।।
মুষ্টি : এতিয়া আমি যাও দেই, আপুনালৈ শুভেচ্ছা থাকিল।।
চলিহা:- এই চাল্লা সাৰামজাদাহত, ঘৰ ভঙা বিভিষণ ক'ত পলাইছ, তহঁতেও পাপ কৰিছ , তহঁতেও সমানেই ভূগিবি যাঃ যাঃ,,,,,,
(এনেদৰে জমিদাৰে পালিহঁতৰ লগত থৈয়া-নথৈয়া কৰি থাকোতে, আনফালে বিপ্লৱী যুৱকৰ উদত্ব কণ্ঠত ভাহি আহিব,____
ধনী! মহাজন!! জমিদাৰ!!!
হুচিয়াৰ! হুচিয়াৰ!!৫//
প্ৰতিবাদকাৰি দ'ল জমিদাৰৰ দোৱাৰ মুখত) ।।
পংকজ: সাৱধান! যতেই আছ তাতেই থাক আৰু এখুজো আগ নাবাহিবি।
চলিহা: সাৱধান! আৰু এই প্ৰকাজ্যোতি গৌৰৱ চলিহাৰ (এটা বিকৃত হাহি) ।।
মীনাক্ষী: চৰিত্হীন নেতিভ, হাঁহ কিমান হাহ হাহ আজি, হেপাহ পলুৱাই হাহ। দুখীয়া নিচলা ভাইহতৰ তেজ শুহি খায় নিজে ভোগ বিলাসত মসগুল হৈ থাক,,,,।
পল্লবী: তহঁতৰ দৰে এচাম মানৱ ৰূপী দানৱৰ কাৰণে সমাজ খন আজি দুৰ্নিবাৰ, সমাজ খন বিপথে পৰিচালিত হব ধৰিছে।
প্ৰাঞ্জল: তোৰ সমুখত আজি ভৈৰৱ, কাল ভৈৰৱ, অতদিনে তহঁতে যি কৰিলি আজি তাৰ ফল ভুগিবলৈ সাজু হ' '_____(ৰাভাৰদেৰ গীতৰ তালে তালে)
বন্দে বন্দে আজি হব ভকত বৃন্দে
তব চৰণ কমল বন্দে।
জ্বলোৱা অগ্নিক
তপো হোম বহ্নি
বিনাসক এন্ধাৰ
তব জয়ী অগ্নি,
বিশ্বৰে দেউলত
জ্ঞানেৰে বন্তিৰ
আলোকেৰে শিখা
উঠক নাচি
অজান এন্ধাৰ বিনাশি
পুলকানন্দে........
নাচোনৰ তালে তালে পুস্পিত বননি
ছেৱে ছেৱে হালে জালে বিকশিত ফুলনি
আমোল মোল কৰে শুৱনি-ধৰণী
পুস্পিত সুবাসিত গন্ধে।।
চাহাব: ঐ তহঁতে কিন্তু ভাল কাম কৰা নাই, প্ৰস্তাবি; প্ৰস্তাবি; তহঁতে কি বুজিবি, মহাজন জমিদাৰক ।
পল্লবী: কেনেকৈ বুজিম চাহাব; তহতৰ বগা পোছাকৰ তলৰ কলা ৰং আৰু বহুৰঙি ছলাহি ভাষণ।।
জাহ্নৱী: সাধাৰন জনতাৰ ওপৰত মাধমাৰ দিৱ, নিজে ৰাজভোগত মাচগুল হৈ থাক, দুৰ্নীতি অনাচাৰ অনিয়মৰ বিৰুদ্ধে মাত মাতিলে গাত লাগে তহতৰ।
পল্লবী: খাতি খোৱা সাধাৰন জনতাৰ ওপৰত অত্যাচাৰ উৎপীড়ন চলাৱ, দিনক দিনে তহতৰ অতপালি উদ্ভন্দালি চৰি গৈছে, তাৰ ফল ভুগিবলৈ সাজু হ '
চাহাব: ঐ তহঁতে এটা কাম নকৰ' কিয়,,? মোৰ ওচৰত আহি যা একে দিনাই মালা-মাল কৰি পেলাম।।
মীনাক্ষী:ঐ চাহাব বন্ধ কৰ, বন্ধ কৰ লেংটা কাৰি পেলাম তোক লেংটা কৰি পেলাম,, মালা-মাল ।।
পল্লবী: কংস বধ হ'বই, (সকলোৱে একেলগে) বন্দে মাতৰম ৫//
জয় হওঁক পোহৰৰ জয়,,,,
জয় জয় জয়।।
"ৰাভাৰ _____
ব'ল ব'ল ব'ল ব'ল "শীৰ্ষক
গীতটি বাজি উঠিব, গীতৰ তালে তালে সামৰণি পৰিব।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ