জোনাকৰ সেউজীয়া আলোকিত সজাগ ৰাতি।
অন্তৰত ঢাক খোৱাত এটি ধ্বনি,
হেৰাই যোৱা শব্দৰ খোজ।
তুমি আহিবা বুলি সপোনৰ ৰাগিনী,
নিসঙ্গ হৃদয়ৰ শূন্যতা পূৰণৰ আশা।
অন্ধকাৰৰ বতৰত সেউজীয়া সুৰ,
অপেক্ষাৰ সৰগৰ সুৰ।
এদিন তুমি আহিবা,
সপোনৰ সেউজীয়া পখিলাই,
ৰঙীন হ’ব জীৱনৰ আকাশ,
প্ৰেমৰ মিঠা সুৰ গঢ়ি তুলিম।
অপেক্ষাৰ সপোনত জীপাল মন,
আশাৰে বাট চাই ৰওঁ।
তুমি আহিবা বুলি সপোনৰ ৰাগিনী,
হৃদয়ৰ গানত তোমাক পাওঁ।
✍️ভাৰ্গৱ প্ৰীতম দত্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ