পিতাই - দীপশিখা ৰাজকোঁৱৰ

©Admin
0
পিতাইৰ চাগে বৰ কষ্ট হয় 
তথাপিও পিতাইৰ চকুত চোন
কোনোদিনে ভাগৰুৱা অনুভৱ 
এবাৰলৈ হ'লেও দেখা নাপাওঁ 
পিতাই চাগে আমাৰ পৰা 
লুকুৱাই ৰাখে কথাবোৰ 
আমাৰ সুখৰ বাবে পিতাই 
নিজৰ জীৱনটোৱেই ত্যাগ কৰিলে।
বয়সে গৰকিলেও পিতাইৰ 
কষ্টৰ সীমা বাঢ়িহে আহিছে
পিতাই বহুত কষ্ট কৰে 
প্ৰতিদিনে ৰাতিপুৱাৰ পৰা গধুলিলৈকে ,
পিতাই কোনোদিনে সময়
 অবাবত নষ্ট নকৰে 
পিতাই হয়তো ভাবে 
পিতাই কষ্ট নকৰিলে তেওঁৰ 
ল'ৰা ছোৱালীকেইটাই কষ্ট পাব ।
নিজৰ বুলিবলৈ পিতাইৰ সেই 
ডেকাকালৰ মৰমৰ চাইকেলখন 
সপ্তাহৰ এখনো বজাৰ বাদ নপৰাকৈ 
পিতাই বজাৰলৈ বুলি
 ৰাতিপুৱাই ভাতমুঠি খায় ওলাই যায় 
কেতিয়াবা প্ৰখৰ ৰ'দত পিতাই বহি থাকে 
সন্মুখত গুৰ,চিৰা লৈ 
আকৌ কেতিয়াবা ঘৰৰে 
নেমু,পাণ ,শাক পাচলি লৈ 
বস্তুকেইটা বিক্ৰী নোহোৱালৈ 
পিতাই যে তেনেকৈয়ে বহি থাকে ।
বজাৰলৈ যাওঁতে পিতাইৰ 
চাইকেলখন বস্তুৰে ভৰি থাকে 
কেতিয়াবা বাটকুৰি বাই তেনেকৈয়ে
চাইকেলখন ঠেলি ঠেলি
 বজাৰ পায়গৈ পিতাই 
চাইকেলখন চলাবলৈ খুজিলেও 
পিতাইৰ হাত দুখন,
 ভৰি দুটা অসমৰ্থ হৈ পৰে 
ঘৰলৈ বুলি ঘূৰি আহে নিশা 
পিতাইৰ সঁচাকৈ বৰ কষ্ট হয় 
কিমাননো কষ্ট কৰিব তেওঁ 
নিজৰ ল'ৰা ছোৱালীৰ সুখৰ বাবে 
কিমান ত্যাগ স্বীকাৰ কৰিব তেওঁ 
কেতিয়াবা ভাবোঁ পিতাইৰ দৰে 
মই জানো কেতিয়াবা হ'ব পাৰিম ।
পিতাইৰ সাচতীয়া ধন বুলিবলৈ 
একটকাও হাতত নাথাকে 
ল'ৰা ছোৱালীক ভাগে ভাগে দিওঁতে 
নিজৰ বাবে কামিজ এটা ল'বলৈও 
পইচা জোৰা লগাব নোৱাৰে 
কাৰণ পিতাইৰ সুখ যে 
নিজৰ ল'ৰা ছোৱালীৰ মাজতে 
কোনেও নুবুজিলেও অন্তত 
মই অনুভৱ কৰিব পাৰোঁ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)