ছাই••জ্যোতিময় খাটোৱাল

©Admin
0
বজ্ৰ পৰা মানুহৰ দৰে সি তাতেই বহি আছে বহুপৰ  । ক্ৰমশ: তাৰ ৰূমৰ সন্মুখৰ অপতৃণবোৰ নিৰাই  বয়সস্থ বনুৱাজনৰ প্ৰায় শেষ হৈছে। মানু্হজনৰ গালৰ আঘাতৰ দাগটোৱে তাক বাৰে বাৰে তাৰ দেউতাকলৈ মনত পেলাই দিছে । দেউতাকে তাক কোনোদিনে জানিব দিয়া নাছিল তেওঁ গাঁৱত কি কাম কৰে । সি ভাবিছে , তেৱো হয়তো এনেদৰেই.... কথাটো ভাবি তাৰ বুকুখন চিৰিংকৈ গ'ল ।
          দিনৰ দিনটো মূৰত ৰ'দটো লৈ বন নিৰাই থকা মানু্হজনে ধৰিব পাৰিলে যে সি অপলক দৃষ্টিৰে তেওঁৰ পিনে চাই আছে। প্ৰথম মহলাৰ আৰামী চকীখনত বহি তেওঁৰ পিনে চাই থকা মানুহজন ভিতৰলৈ গুচি যোৱাৰ সুবিধা লৈ তেওঁ তাৰ ওচৰলৈ আহিল। থোকাথুকি মাতেৰে তেওঁ লাহেকৈ ক'লেহি ," কি হ'ল বোপা ? অথনিৰে পৰা মোলৈ একেথৰে চাই আছ যে , মোৰ কামবোৰ তোৰো পছন্দ হোৱা নাছিল নেকি ? দুৰ্বল হৈ গৈছোঁ অ'। গাত মঙহ নাই । পেটৰ ভোকটোৰ বাবেহে..." - কথাখিনি কৈ সম্পূৰ্ণ কৰাৰ আগতেই মানুহজন তাৰ ওচৰৰ পৰা আঁতৰি গ'ল। হয়তো তেওঁৰ দুচকুৰে বৈ অহা চকুলো লুকুৱাবলৈকে তেনে কৰিছিল।
       মানুহজনৰ কথাখিনিয়ে তাৰ বুকুত পলকতে যেন বিষাদৰ শেল ফুটি গ'ল । তেখেতৰ কথাৰ সঁহাৰি দিবলৈ সি কি ক'ব লাগে ভাবি নাপালে । মানুহজনৰ পিনে সি তেনেকৈ চাই থকাৰ কাৰণে তেওঁ যে মনত আঘাত পালে সেই কথা বুজিব পাৰি তাৰ বেয়া লাগিল। মানুহজন যাবৰ পৰত সি তেখেতৰ কাষলৈ গৈ সৰুকৈ ক'লে ," আমাৰ ৰূমৰ মালিকজন তেনেকুৱাই, অনর্থক কঠোৰ ।"
       সন্ধিয়াৰ সময়তো একেখিনি ভাৱেই তাৰ মনৰ পৰা পিছ এৰা নাই । আজি সি এক আচৰিত ধৰণে আৱেগিক হৈ পৰিছে । মানু্হজন যোৱাৰ আগত তাৰ ৰূমৰ মালিকে তেওঁক কোৱা কথাটোৱে তাৰ মনত দোলা দিব ধৰিছে ," ইমানকৈ দেখাই থাকিও বহু জেগাত ভালেমান বন এৰি গ'লি। একো কামৰ মানুহ নহয় তই। পইচাটো কাইলৈ ল'ব আহিবি ।" 
          যাবৰ সময়ত বনুৱাজনে তালৈ চাই সামান্য ম্লান মিচিকিয়া হাঁহি এটা মাৰি গৈছিল। তেওঁ অনুভৱ কৰা বিষাদ সেই হাঁহিটোৰে ঢাকিব খুজিও অসফল হৈছিল মানুহজন। সিও ঈষৎ হাঁহি এটাৰে মানুহজনক বিদায় দিছিল। জেপত ভালেমান সময় সি হাত ফুৰাইছিল। ভিতৰলৈ আহি গাৰুৰ তলত, পঢ়া টেবুলত আৰু কিতাপৰ মাজত বাৰুকৈ হাত ফুৰাইছিল। অথচ সি এটাও টকা বিচাৰি পোৱা নাছিল। বৃদ্ধ মানুহজনৰ হাঁহিটোৱে এতিয়া তাৰ বুকুখন দহিব ধৰিছে ।
       সন্ধিয়া সময়ত গাঁৱত থকা মাকৰ পৰা ফোন আহিল । দিনটোৰ ইমানখিনি সময় সি যিখিনি ভাৱ বুকুত কোনোমতে হেঁচা দি ৰাখিছিল মাকৰ মাত শুনি সেয়া পাৰ ভাঙি ওলাই আহিল । সি কান্দি কান্দি মাকক ক'লে ," মা অ' , আজি দেউতালৈ বৰকৈ মনত পৰিছে....।" 
        ফোনটো লাইনতে আছিল যদিও বহুপৰ মাকৰ পৰা কোনো উত্তৰ নাহিল । আজি হয়তো সি আকৌ তাৰ বিধৱা মাকক কন্দুৱাই তুলিলে  ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)