২১ নৱেম্বৰ হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩২৫তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৪০টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -
১/ আজিৰ দিনটোতে ১৯৬২ চনত চীনা পিপলছ লিবাৰেচন আৰ্মীয়ে ভাৰত-চীন যুদ্ধত একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰে।
২/ আজিৰ দিনটোতে ১৯৭১ চনত মুক্তি বাহিনী (বঙালী গেৰিলা)ৰ আংশিক সহায়ত ভাৰতীয় সৈন্যই গৰীবপুৰ যুদ্ধত পাকিস্তানৰ সেনাক পৰাস্ত কৰে।
৩/ আজিৰ দিনটোতে ২০০২ চনত নাটো(North Atlantic Treaty Organization)ৱে বুলগেৰিয়া, এষ্টোনিয়া, লাটভিয়া, লিথুৱানিয়া, ৰোমানিয়া, স্লোভাকিয়া আৰু স্লোভেনিয়াক সদস্য হ'বলৈ আমন্ত্ৰণ জনায়।
৪/ আজিৰ দিনটোতে ১৬৯৪ চনত ফৰাচী দাৰ্শনিক, নাট্যকাৰ আৰু কবি ভলতেয়ৰৰ জন্ম হৈছিল।
৫/ আজিৰ দিনটোতে ১৯৩৮ চনত ভাৰতীয় বলীউডৰ অভিনেত্ৰী আৰু নৃত্যশিল্পী
হেলেনৰ জন্ম হৈছিল।
৬/ আজিৰ দিনটোতে ১৯৯৬ চনত পাকিস্তানী পদাৰ্থবিজ্ঞানী আব্দুছ ছালামৰ মৃত্যু হৈছিল।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ