জীৱনৰ আটাইতকৈ কঠিন কামটোৱেই হ'ল -ভয়ক জয় কৰা । যিজনে ভয়ক জয় কৰিব পাৰে তেওঁ সকলো কামেই কৰিব পাৰে ।সকলো মানুহৰ কিবা নহয় কিবা কামত দক্ষতা নিশ্চয় আছে । সেই দক্ষতা খিনি দেখুৱাবলৈ সাহস নথকাটোৱেই হ'ল ভয়। ভয়ে মানুহক সদায় দমন কৰি ৰাখে। ভয় সদায় মানুহৰ মনৰ ভিতৰত থাকে। আৰু ই পৰিস্থিতি সাপেক্ষে হে ওলাই আহে। ভয় আন একো নহয় । ভয় হ'ল - মনলৈ অজানিতে অহা এক চিন্তাহে। যদিহে আমি ভয়ক জয় কৰিব পাৰোঁ তেনেহ'লে আমি জীৱনত নিশ্চয় আগবাঢ়ি যাব পাৰিম। মানুহৰ জীৱনটোৱে হ'ল দুদিনীয়া । এক নিৰ্দিষ্ট সময়ত পৃথিৱীলৈ আহি এক নিৰ্দিষ্ট সময়ৰ ভিতৰত আমি আমাৰ কৰ্তব্য সমূহ পালন কৰি এক নিৰ্দিষ্ট সময় অনুসৰি আমি সকলোৱে বিদায় মাগিব লাগিব। এই কথা চিৰন্তন সত্য গতিকে ইয়াত ভয় কৰিবলগীয়া একোৱেই নাই। মেৰি কুৰিয়ে কৈছিল -- জীৱনত ভয় খাবলৈ একোৱেই নাই । আছে মাথোঁ জীৱনক বুজিবলৈ। আমি সকলোৱে ভয় নকৰি নিজ নিজ কৰ্তব্য সমূহ পালন কৰি যোৱা উচিত । কৰ্তব্যই ভয়ক জয় কৰাত সহায় কৰে । গতিকে আমি সকলোৱে জীৱনত ভয়ৰ অবিহনে ভালদৰে আগবাঢ়ি যোৱা উচিত।আৰু এনেদৰে আমি ভয়ক জয় কৰিব পাৰিম ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ