মই গাধ ভাল পাওঁ স্বাধীনতা আছে বুলি
সিংহক কেৰেপ নকৰো,শিকলিৰ জগতত বসবাস জানি
সাহস নথকা বলী তুমি,কাপুৰষ সাজি ঘৰত বহি
প্ৰাপ্য বিচাৰি বজ্ৰকণ্ঠ আকাশ চুবৰ কাল,
শত্ৰুৰ তন্দ্ৰা হাৰাম কৰি,নিজৰ অধিকাৰ লোৱা কাঢ়ি
গম্ভীৰ মেজাজৰ নাই জনজাল।
কলম আমাৰ প্ৰধান অস্ত্ৰ জ্ঞানৰ সাঁকোত উঠি
গাই যাম নিত্য অন্যায়, শোষণ- শাসনৰ গীত
বৈষম্য স্বজন প্ৰীতি, ৰাজতন্ত্ৰ হে নহয় ৰাজনীতি
মুক্তি বিচাৰে স্বাধীন দেশৰ লোকে,
ঘৰ শত্ৰু বিভিষণ সংস্কাৰ যাৰ প্ৰয়োজন
পুণ্য ভূমিত ফান্দ পাতিছে পোকে।
স্বদেশী বিদেশী হল, বিদেশী স্বদেশী হল ।
তোমাৰ আমাৰ কি? ভবাৰ প্ৰয়োজন আছে
ক্ষমতাৰ লালসাত পৰি,প্ৰতিশ্ৰুতি সমূলেৰ পাহৰি
জাতি, মাটি, ভেটি হেৰুৱাম জানি,
ত্ৰিপুৰাৰ কথা মনত পৰিল,সিহঁতৰ অৱস্থা কাহিল
সত্যক কেনেকৈ লওঁ মানি?
সময়ৰ শৰ সময়ত মাৰিলে ফল পাম এদিন
আহা আগবাঢ়ি হাতে হাত ধৰি সুযোগ এৰিম কিয়?
ৰুণুৱা, বনুৱা, কৃষক, শ্ৰমিক ছাত্ৰ, নেতা,সংগঠন বণিক
আহ ওলাই বিভেদ আঁতৰ কৰি,
ধৰ্ম কৰ্ম যাৰ যাৰ,ঐক্য,শান্তিৰ সমাহাৰ
একত্ৰিত অসমীয়াৰ এনাজৰী।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ