বুকুত অযুত সপোন বান্ধি
পোৱা -নোপোৱাৰ মাজত
জীয়াই আছোঁ মই
সন্মুখত বহু নিৰাশ ভৰা
আশা লৈ
জীয়াই আছোঁ মই
হাৰি হাৰিও
জগত জীনাৰ সাহসলৈ
জীয়াই আছোঁ মই
কান্ধত অলেখ আদৃশ্য বোজা লৈ
কোঙা লগা মেৰুদণ্ডত ভেজা দি
জীয়াই আছোঁ মই।
মন মোৰ আৱদ্ধ
কিন্ত শব্দ মোৰ মুক্ত।
✍️ৰমেন তেলী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ