সভ্যতাৰ সকলো আভৰণ খুলি
আমি দৌৰিছোঁ
অৰণ্যৰ পৰা নগৰলৈ।
ডাৰউইনে বনাই দিয়া ক্ৰমবিৱৰ্তনৰ বাটেৰে।
অৰণ্য খনে ভেবা লাগি চাইছে আমালৈ ।
জীৱ শ্ৰেষ্ঠৰ ফলক খনত
ক'লা ৰং সানি
বান্দৰ বোৰে হাঁহিছে ।
বন্য হিংস্ৰ জন্তুবোৰে
নিজক শলাগিছে
তুলনা কৰি আমাৰ লগত ।
উন্মাদ আমি বোৰ
সচেতন নহ'লে
ইতিহাসৰ পুনৰাবৃত্তি হ'ব।
মহাজগত জয়ৰ যাত্ৰাৰ শেষত
এখন অৰণ্যহে থাকিব ।
✍️ৰাতুল চেতিয়া ফুকন
চৰাইদেউ সোনাৰি।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ