জীৱনৰ মাদকতা
বুজি নোপোৱা,
কেতিয়াবা কেতিয়াবা
নাৰ্চাৰীত পঢ়ি থকা
শিশুৱেও হয়
নিজ স্কুলতে ধৰ্ষিতা ৷
নাৰী ক’ত সুৰক্ষিত
যৌৱনৰ উমান
নোপোৱা শৈশৱতে
খেলাৰ চলেৰে
নাইবা মৰমৰ
চলেৰে নিজ ঘৰতে
আপোন মানুহে
যৌৱন কামনা চৰিতাৰ্থ কৰে৷
নাৰী ক’ত সুৰক্ষিত
এই যুগত যেন
মানুহ মানুহে নহয়,
এজন মানুহত
যে আশ্ৰয়
হেজাৰটাতকৈ
অধিক জন্তুৰ৷
নাৰী আজি ক'তো
সুৰক্ষিত নহয়!
মানুহৰ ভিৰত
থকা কোন ?
জন্তুৱে কেতিয়া
সিংস্ৰ ৰূপ লয় !
কিমান যে নাৰীৰ
নিতৌ ধৰ্ষণ হয়?
কাপুৰুষৰ লুলুপ দৃষ্টিৰ পৰা
RG ক’ৰ হস্পিতাল
নাইবা ধিং সকলোতে
নাৰীক সুৰক্ষিত
কৰিব লাগিব আমি পুৰুষে ৷
নাৰীক সুৰক্ষিত কৰিবলৈ
আগবাঢ়ি লাগিব,
জাতি ধৰ্মৰ
বাছ- বিচাৰ নকৰাকৈ৷
নাৰী যদি সুৰক্ষিত হয়,
দেশত আহিব শান্তি
জাতি আৰু সমাজ হ’ব সুৰক্ষিত৷
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ