বিলম্বিত -ৱাহিদ আহমেদ

©Admin
0
ঘন কুঁৱলীৰে আৱৰা
আহিনৰ সন্ধিয়া
নিস্তব্ধতাৰ নগৰীত 
অকলশৰে গৈ আছোঁ 
মই নাজানো ক’লৈ যাওঁ
তোমাক লগ পোৱাৰ সপোন 
আজিও সজীৱ হৈ আছে 
দেহৰ কোনোবা কোণত...

তোমাৰ কাষেদি গ'লেও
তুমি মোক চিনি নাপাবা 
তোমাক সন্দিকৈ কলেজৰ
বাটচ’ৰাত বিদায় দিয়াৰ দিনা 
দেখা চেহেৰাটো 
ৰ’দৰ তাপত এতিয়া জ্বলি 
একেবাৰে ক’লা হৈ গ’ল
শুকান চালখনত 
যতন নাই দাগবোৰ দেখি
আচৰিত যেনেই লাগিব 

শাৰদীয় উৎসৱৰ ৰাতিটো 
নগৰৰ চৌদিশে উজ্জ্বলতাৰ 
মহা আয়োজন 
মৃত্যুৰ আগতে তোমাক
আকৌ এবাৰ দেখা পাওঁ যদি 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)